অসম

assam

ETV Bharat / state

তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - বনাঞ্চলক ধ্বংস

তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ বেদখলকাৰীয়ে বহুমূলীয়া গছ-গছনি কাটি কৰিছে তহিলং ৷ বনাঞ্চল ধ্বংস কৰি অস্থায়ী জুপুৰী আৰু মন্দিৰৰ নিৰ্মাণ ৷ সকলোৰ উচ্ছেদ কৰি পেলায় আৰক্ষীয়ে ৷

encroachment-at-diphu-tamulbari-reserve-forest
তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Jun 4, 2021, 10:49 PM IST

ডিফু, ৪ জুন:বিশ্ব পৰিৱেশ দিৱসলৈ কেইটামান মূহুৰ্ত বাকী থকা অৱস্থাতে শুকুৰবাৰে ডিফুৰ সমীপৱৰ্তী তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীয়ে চলালে এক যৌথ অভিযান ৷ চেণ্ট্ৰল ৰেঞ্জৰ পশ্চিম সংমণ্ডলৰ ডিফু লামডিং পথৰ তামোলবাৰী আৰু মিজুংদিছা সংৰক্ষিত বনাঞ্চলৰ এক বিস্তৃত এলেকাত চলিল এই অভিযান ৷ বিস্তৃৰ্ণ বনাঞ্চলৰ এলেকাটোত অবৈধ বেদখলকাৰীয়ে এলেকাটোত থকা বহুমূলীয়া গছ-গছনি কাটি তহিলং কৰি তাত হালধি খেতি কৰা পৰিলক্ষিত হয় ৷

তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বেখলকাৰী সকলে দুয়োখন সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি কটাৰ উপৰিও সীমা নিৰ্ধাৰিত অসংখ্য খুঁটা স্থাপনকাৰীৰ লগত অস্থায়ী জুপুৰী আৰু মন্দিৰো নিৰ্মাণ কৰি থৈছিল ৷ জুপুৰী ঘৰবোৰ নিৰ্মাণৰত অৱস্থাত আছিল ৷ জিলা বনবিষয়া জগন্নাথ ৰংপি আৰু সহকাৰী বন সংৰক্ষক প্ৰণৱ তেৰাঙ লগতে বৰলাংফেৰ অ'চি অকণ টেৰণৰ নেতৃত্বত দিনযোৰা চলা অভিযানটোত অভিযানকাৰী দলটোৱে প্ৰথমতে বেদখলকাৰীয়ে স্থাপন কৰা অবৈধ সীমা নিৰ্ধাৰণ কৰা খুঁটা যমূহ উভালি পেলোৱাৰ লগতে অস্থায়ী নিৰ্মাণৰত জুপুৰী আৰু এটা সৰু মন্দিৰ গৃহ উচ্ছেদ কৰে ৷

তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত সহকাৰী বনসংৰক্ষক প্ৰণৱ তেৰাঙে কয় যে, বিগত সময়ছোৱাত দুষ্কৃতিকাৰী সকলে তামোলবাৰী বনাঞ্চলত বেদখলৰ উদ্দেশ্য লকডাউনৰ সুযোগ লৈ গছ- গছনিবোৰ কাটি বেদখলৰ চেষ্টা চলাই আহিছে ৷ সেয়ে চেণ্ট্ৰল ৰেঞ্জৰ পূৱ আৰু পশ্চিম সংমণ্ডলৰ ৰেঞ্জ আৰু আৰক্ষীৰ সহযোগত দুষ্কৃতিকাৰীৰ এনে অপচেষ্টাক প্ৰাৰম্ভ কালতে বাধা আৰোপ কৰিছে বনবিভাগে ৷

বনবিভাগৰ হাতত পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ আৰু জোৱানৰ অভাৱৰ বাবে কিছু সমস্যাৰ সন্মুখীন হৈছে যদিও আজি বৰলাংফেৰ আৰক্ষীৰ সহায় লৈ শুকুৰবাৰে অভিযান চলোৱা হৈছে ৷ বনাঞ্চলৰ গছ-গছনি কাটি বেদখলকাৰীয়ে নিৰ্মাণ কৰি ওলোৱা এক আহল-বহল পথক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে বনবিষয়া জগন্নাথ ৰংপিয়ে ৷ তেওঁ কয় যে বেদখলকাৰী সকলে বনৰ লগত নিবিড়় সম্বন্ধ থকা জনজাতি সকলে জনজাতীয় চৰিত্ৰ পাহৰি পেলাইছে সেয়ে সেউজ বনাঞ্চলক ধ্বংস জজ্ঞত নামি পৰিছে ৷ এনে কাৰ্যকলাপ অব্যাহত থাকিলে শীঘ্ৰে বনাঞ্চলৰ সেউজীয়া পৰিবেশ বিনষ্ট হ’ব ৷

লগতে পঢ়ক :কাৰ্বি শান্তি চুক্তি সন্দৰ্ভত এপিএইছএলচি আৰু এএছডিচিৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details