ডিফু , 23 জুলাইঃ বুধবাৰে ডিফু চহৰৰ মাজমজিয়াৰ শান্তিপাৰাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ভুক্তভোগী সকলক বুধবাৰে সন্ধিয়া সাক্ষাৎ কৰে লুম্বাজং পৰিষদীয় সমষ্টিৰ স্থানীয় এম এচি তথা হস্ত তাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ই এম ৰতন টেৰণে ৷ দলীয় কৰ্মীসকলৰ সৈতে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি সংঘটিত ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক সাময়িক সকাহ স্বৰূপে চাউল,চানা,তিৰপাল,আঠুৱা আৰু কম্বল বিতৰণ কৰে ৰতন টেৰণে ৷ গুৰুত্বপূৰ্ণ যে ,অগ্নিকাণ্ডত হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন ব্যক্তিক আৰ্থিক সাহাৰ্য প্ৰদান কৰে প্ৰতিনিধি গৰাকীয়ে ৷
ডিফু অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তক সাক্ষাৎ ই এম ৰতন টেৰণৰ - em ratan taran has visited the people affected in diphu fire breakout
বুধবাৰে ঢিফুত সংঘটিত অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্ত সকলক সাক্ষাৎ কৰি সাহাৰ্য বিতৰণ কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হস্ত তাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ই এম ৰতন টেৰণে ৷ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল 50 টাৰো অধিক বাসগৃহ ৷
![ডিফু অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তক সাক্ষাৎ ই এম ৰতন টেৰণৰ em ratan taran has visited the affected people of diphu fire break out imcident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8137987-thumbnail-3x2-diphu.jpg)
বৃহস্পতিবাৰে পুৱাৰ ভাগত আক্ৰান্ত সকলৰ বাবে জলপানৰ ব্যৱস্থাও কৰি দিয়ে কাৰ্যবাহী সদস্য ৰতন তেৰণে ৷ কাৰ্যবাহী বিষয়াগৰাকীৰ পৰিদৰ্শন কালত উপস্থিত থাকে ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ,জিলা বিজেপিৰ আইটি চেলৰ আহ্বায়ক নীলমনি দেৱ,বিজেপিৰ লুম্বাজং মণ্ডল বিজেপিৰ সম্পাদক লংকি ৰংপি আৰু কেইবাগৰাকী বিজেপি কৰ্মী ৷ উল্লেখ্য যে,বুধবাৰে বিয়লি ডিফুৰ শান্তিপাৰাত সংঘটিত অগ্নিকাণ্ডটোত ৫০ টাৰো অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবালাখ টকাৰ সম্পত্তি বিনষ্ট হৈছিল ৷
লগতে পঢ়কঃ হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন