ডিফু, 4 ডিচেম্বৰঃকাৰ্বি আংলঙৰ ধনশিৰি সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তৰ আক্ৰমণত এটা বন্যহস্তী গুলীবিদ্ধ হৈছে ৷ ধনশিৰি সংৰক্ষিত বনাঞ্চলত বন বিভাগে আঘাতপ্ৰাপ্ত অৱস্থাত হাতীটো উদ্ধাৰ কৰে ৷
ধনশিৰিত দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ বন্যহস্তী
হাতীটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ পৰা বন বিভাগৰ এটি চিকিৎসকৰ দল ডিফুত উপস্থিত হৈছে ৷
গুলীবিদ্ধ বন্যহস্তী
জানিব পৰা মতে, বনাঞ্চলখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী তুলাৰাম আৰু মিচিবাইলাম এলেকাত বন্যহস্তীটোয়ে আশ্ৰয় লৈ আছে ৷ উল্লেখ্য যে, বন্যহস্তীটো নাগালেণ্ডৰ ইটাংগীৰ বনাঞ্চলৰ পৰা ওলাই অহাৰ বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে হাতীটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ পৰা বন বিভাগৰ এটি চিকিৎসকৰ দল ডিফুত উপস্থিত হৈছে ৷
লগতে পঢ়ক - 'অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিব'