অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত হেলিকপ্টাৰেৰে নিৰ্বাচনী চমক দলীয় নেতাৰ

বুধবাৰে কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা বিজেপি আৰু কংগ্ৰেছৰ ৷ হেলিকপ্টাৰেৰে নিৰ্বাচনী চমক সৃষ্টি দলীয় সদস্যৰ ৷

election campaign at karbi anglong
কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 24, 2021, 10:25 PM IST

ডিফু,24 মাৰ্চ : কাৰ্বি আংলং জিলাত বুধবাৰে বিজেপি আৰু কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয় । দিনৰ প্ৰায় 11 বজাত হেলিকপ্টাৰযোগে তাৰাবাচাত উপস্থিত হৈ বিজেপি দলৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ সমৰ্থনত প্ৰচাৰ অভিযান চলায় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণছিং বে’ই ।

কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ

সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰদান কৰি সাংসদ হৰেণছিং বে’ই কঠোৰ ভাষাৰে সমালোচনা কৰেবিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ ডিফুৰ প্ৰাৰ্থী চুম ৰংহাঙক । চুম ৰংহাঙে ক্ষমতাৰ অৰ্থ বুজি নাপায় বুলি মন্তব্য কৰি বিগত সময়চোৱাত শাসনত থাকিও চুম ৰংহাঙে জিলাখনৰ বাবে কোনো আঁচনি অনাত ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰে । কংগ্ৰেছ দলক ৰাইজে নিবিচাৰে বুলি মন্তব্য কৰি সমাগত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে দহ হাজাৰ ভোটো লাভ নকৰাৰ কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে ।

কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ

হাওৰাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত ভাষণ প্ৰদান কৰি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিৰ শাসনত জিলাখনত পূৰ্বে সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ অৱসান হোৱা বুলি দাবী কৰে ৷ ইয়াৰ লগতে শান্তি, উন্নয়ন আৰু দৰিদ্ৰৰ বাবে আঁচনি লাভৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় । ইফালে, লাংহিনৰ গৰৈমাৰী খেলপথাৰত আয়োজন কৰা কংগ্ৰেছ দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে হেলিকপ্টাৰেৰে লাংহিনত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য ।

ভাষণ প্ৰসংগত কংগ্ৰেছ নেতাগৰাকীয়ে বিপিএফ মিত্ৰজোঁটৰ চৰকাৰ হোৱাতো খাটাং বুলি মন্তব্য কৰি বিজেপি দলক বাকী আৰু ফাঁকিৰ চৰকাৰ বুলি কটাক্ষ কৰে । বিকাশৰ কথা কোৱা চৰকাৰখনৰ বিকাশ জিলাখনৰ কেৱল তুলিৰাম ৰংহাঙৰ ঘৰত হোৱা বুলি মন্তব্য কৰি কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰে এতিয়া কেৱল চিণ্ডিকেটৰাজ চলা বুলি অভিযোগ উত্থাপন কৰে অপূৰ্ব ভট্টাচাৰ্যই । তেওঁ শিল, বালি, কাঠ, কয়লা সকলোতে চিণ্ডিকেটৰাজ চলা বুলি অভিযোগ তুলি এইবাৰৰ ভোট এই চিণ্ডিকেটৰাজৰ বিৰুদ্ধে হ’ব বুলি অভিযোগ কৰে ।

কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছ দলৰ পাঁচ গেৰাণ্টি সম্পৰ্কে সবিশেষ ব্যাখ্যা আগবঢ়াই নেতাগৰাকীয়ে কংগ্ৰেছ দলে যি কয় তাক কৰি দেখুৱায় বুলি মন্তব্য কৰে । বিগত 60 বছৰে কংগ্ৰেছে নিৰ্মাণ কৰা সকলো সম্পদ বিজেপিয়ে এটা এটাকৈ বিক্ৰী কৰা বুলিও বিজেপিক সমালোচনা কৰে ভট্টাচাৰ্যই । সভাখনত উপস্থিত থাকে কংগ্ৰেছ দলৰ ডিফু আৰু হাওৰাঘাট সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে চুম ৰংহাং আৰু সঞ্জীৱ টেৰণ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰামান্না বৰুৱা, ড৹ মংৱে ৰংপিকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী ৷

লগতে পঢ়ক :ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাণা গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details