অসম

assam

ETV Bharat / state

ডিফুতো উদযাপন পৱিত্ৰ ঈদ

সামাজিক দুৰত্ব বজাই ডিফুত ঘৰে ঘৰে ক্ষুদ্ৰ জামাতত ঈদ-উল ফিটৰ পালন ৷ মহামাৰী সদৃশ কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

ETV BHARAT
ডিফুত অনুষ্টুপীয়াকৈ ঈদ উদযাপন

By

Published : May 25, 2020, 8:29 PM IST

ডিফু, 25 মেঃ ডিফুত অনুষ্টুপীয়াকৈ উদযাপন কৰিলে ঈদ ৷ ঘৰতে সামাজিক দুৰত্ব বজাই ৰাখি বিশ্ব শান্তিৰ বাবে দোৱা কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ উপবাসৰ পাছত জোন দেখাৰ লগে লগে ৰমজান মাহৰ অন্ত পৰে । আৰম্ভ হ'ল চৌৱাল মাহৰ । চৌৱালৰ পহিলা দিনটোত ইছলাম ধৰ্মীয় লোকসকলে তেওঁলোকৰ ইবাদ গৃহত সমূহীয়া নামাজ পঢ়ি সকলোৰে কুশল কামনা কৰে ।

ডিফুত অনুষ্টুপীয়াকৈ ঈদ উদযাপন

কিন্তু বিগত বৰ্ষৰ দৰে এইবেলি আনুষ্ঠানিকভাৱে ঈদ উদযাপন কৰিব নোৱাৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে ৷ লকডাউনৰ বাবে ইতিমধ্যে সকলো ধৰ্মাৱলম্বী লোকে সকলো অনুষ্ঠান বাতিল কৰিছে ৷ ঠিক একেদৰে আজি ডিফুতো লকডাউনৰ মাজতে চৰকাৰৰ নিৰ্দ্ধাৰিত নীতি-নিৰ্দেশনা মানি সামাজিক দুৰত্ব বজাই পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি ঘৰে ঘৰে নামাজ আদায় কৰে ৷ নামাজৰ পিছতে বিধিগতভাৱে খুতবা আদায় কৰাৰ পিছত মৃতকৰ ৰূহৰ মাগফেৰাত কৰাৰ লগতে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ৷ ইয়াৰোপৰি দুখীয়া-নিচলা লোকসকলক ফিতৰা-জাকাত আদি দান কৰি ইজনে-সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক-সনাতন দাসৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details