ডিফু, 23 আগষ্ট :ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এইবাৰ ভূতৰ ওপৰত দানহ পৰা দি পৰিছে চকু ৰঙা পৰা ৰোগ ৷ বৰ্তমানেও ডিফু চহৰত অব্যাহত আছে ডেংগুৰ ভয়াৱহ ৰূপ ৷ এনে এক জটিল সময়তে উদ্বেগজনকভাৱে চহৰখনত প্ৰাদুৰ্ভাৱ ঘটিছে চকু ৰঙা পৰা ৰোগৰ ৷ এই চকু ৰঙা পৰা ৰোগ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো ভয়ানকভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷
উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ডেংগু আৰু আৰু চকু ৰঙা পৰা ৰোগক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ এনে পৰিস্থিতিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ পৰামৰ্শ অনুসৰি শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বুধবাৰৰ পৰা ডিফু পৌৰ সভা এলেকাত 5 দিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৷
বুধবাৰ অৰ্থাৎ 23 আগষ্টৰ পৰা 27 আগষ্টলৈকে বন্ধ থাকিব ডিফু পৌৰ সভা এলেকাৰ সকলো শিক্ষানুষ্ঠান ৷ বুধবাৰে এই কথা প্ৰকাশ কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীয়ে ৷ লগতে ডেংগু আৰু চকু ৰঙা পৰা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষকো সজাগতামূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷