অসম

assam

ETV Bharat / state

২০২১-২২ বিত্তীয় বৰ্ষত ১৭ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কাৰ্বি আংলঙৰ পৰিবহণ বিভাগৰ

যান-বাহনৰ পৰা ১৭ কোটিতকৈ অধিক ধনৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ (Tax collection in Karbi Anglong) ৷ এই তথ্য সদৰী কৰিছে জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷

Tax collection in Karbi Anglong
২০২১-২২ বিত্তীয় বৰ্ষত ১৭ কোটিতকৈ অধিক ধনৰ ৰাজহ সংগ্ৰহ কাৰ্বি আংলং জিলা পৰিবহন বিভাগৰ

By

Published : Apr 2, 2022, 8:42 AM IST

ডিফু, ২ এপ্ৰিল : অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন জিলাৰ পৰিবহণ বিভাগক ১৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ বাবে লক্ষ্য বান্ধি দিছিল ৷ সেইমৰ্মে, কাৰ্বি আংলং জিলা পৰিবহণ বিভাগেও যুদ্ধকালীন তৎপৰতাৰে চৰকাৰে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰি ২০২১-২২ বিত্তীয় বৰ্ষটোত অভিলেখ সংখ্যক মুঠ ১৭ কোটি ২৯ লাখ ৪০ হাজাৰ ১৭৪ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে (DTO Karbi Anglong collected 17 crores taxes from vehicle) ৷

শুকুৰবাৰে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষটোত ২০২১ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২২ বৰ্ষৰ এপ্ৰিল মাৰ্চ মাহলৈ কাৰ্বি আংলং পৰিবহণ বিভাগে বিভিন্ন বাহনৰ ব্যৱসায়িক বাহনৰ পৰা ৫ কোটি ১৯ লাখ ৩০ হাজাৰ ৭০ টকা, ব্যক্তিগত বাহনৰ কৰ ৪ কোটি ৯৩ লাখ ১৬ হাজাৰ ৬৬৯ টকা, আছাম পেছেঞ্জাৰ গ্ৰ'চ কৰ ৯ কোটি ৫লাখ ৮০ হাজাৰ ৮ টকা আৰু মাচুল ২ কোটি ৫৫ লাখ ৪৪ হাজাৰ ৯৭৯ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে (Tax collection in Karbi Anglong) ৷

লগতে জিলা পৰিবহন বিভাগে জৰিমনা ২ কোটি ৯০ লাখ ৯৯ হাজাৰ ৮০ টকা, পল্যুছন আণ্ডাৰ কণ্ট্ৰ'ল শিতানত ৩ লাখ ৫৫ হাজাৰ ৫০০ টকা, হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেছন বেকত ১ হাজাৰ ৩ শ ১৪ টকা, পথ সুৰক্ষা চেচত ৫ লাখ ৭২ হাজাৰ ৭৮৭ টকা, পাৰমিট শিতানত ৮ লাখ ৪৮ হাজাৰ ৯ শ টকা আৰু বকেয়া শিতানত ১৪ কোটি ৩৬ লাখ ৬২ হাজাৰ ৮৬৮ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াকে লৈ বিত্তীয় বৰ্ষটোত কাৰ্বি আংলং পৰিবহণ বিভাগে সৰ্বমুঠ ১৭ কোটি ২৯ লাখ ৪০ হাজাৰ ১৭৪ টকা যান-বাহনৰ পৰা অভিলেখ সংখ্যক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি বিত্তীয় বৰ্ষটোত ১২৭৮ টা হেলমেট বিহীন চালকৰ গোচৰ আৰু ৪০০ টা ছীট বেল্টৰ গোচৰ ৰুজু কৰা হৈছে ৷

তথ্য অনুসৰি, জিলাখনত ২০২১ বৰ্ষৰ জানুৱাৰীত ৫ জন, ফেব্ৰুৱাৰীত ১৩ জন, মাৰ্চ মাহত ৮ জন আৰু ২০২২ ইংৰাজী বৰ্ষৰ জানুৱাৰীত ৩ জন ফেব্ৰুৱাৰীত ৬ জন আৰু মাৰ্চ মাহত ২ জন লোকে পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷

লগতে পঢ়ক :এবছৰৰ ভিতৰত নিৰ্মাণ হ'ব প্ৰধানমন্ত্রী আৱাস যোজনাৰ নতুন ১২ লাখ ঘৰ : ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

...view details