ডিফু,৩০ মাৰ্চ:কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত লংনিটত একাংশ সুৰামত্ত যুৱকৰ তাণ্ডৱ । সুৰাপান কৰি স্থানীয় লোকৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ লগতে একাংশ মহিলাকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে যুৱককেইজনৰ বিৰুদ্ধে । এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । কিন্তু লক্ষণীয়ভাৱে আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে অভব্য আচৰণ কৰে যুৱকৰ দলটোৱে ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যুৱক দুজন বিৰলাৰ জয়ছিং টেৰণ গাওঁ নিবাসী চংজা তিমুং আৰু লৱাৰ ডিলাজীৰ বিৰলা প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ দিলীপ হীৰা বুলি জানিব পৰা গৈছে ।