বোকাজানত ১৫ কোটি টকাৰ ব্ৰাউন চুগাৰসহ আটক ১ ডিফু, ২৭ ফেব্ৰুৱাৰী:কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিতৌ ন ন স্থানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে কোটি কোটি টকা মূল্যৰ বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ ৷ শুকুৰবাৰে বিয়লি বোকাজানত জব্দ হয় বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ (Drugs seized at Bokajan) ৷ যোৱা ২০ ফেব্ৰুৱাৰীত অসম-নাগালেণ্ড সীমান্তৰ খটখটীত গুৱাহাটীৰ পৰা অনা স্নিফাৰ ডগৰ সহায়ত প্ৰায় ২৪ কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ পাচত ২৫ ফেব্ৰুৱাৰীত ডিলাই আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল প্ৰায় ৮ কোটি টকা মূল্যৰ ড্ৰাগছ ৷ তাৰ পাচতে আজি পুনৰ বোকাজানত আৰক্ষীয়ে জব্দ কৰে 15 কোটি টকাৰ ড্ৰাগছ ৷
বোকাজান আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বোকাজান চি আৰপিএফ কেম্পৰ ওচৰত নাকা তালাচী বহুৱাই এখন বাছৰ যাত্ৰীৰ পৰা প্ৰায় পাঁচ কেজি মূল্যৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ সততে নাগালেণ্ড, মণিপুৰৰ পৰা সৰবৰাহ কৰা ড্ৰাগছৰ ঠাইত এইবাৰ বিহাৰৰ পৰা অহা সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰখিনি ৷ বোকাজানৰ চি২০ চিআৰপিএফ, এপিআৰজি কেম্প বোকাজান আৰু বোকাজান থানাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনি (Drug worth Rs 15 crore seized in Karbi Anglong) ৷
আটাইতকৈ উদ্বেগজনক কথা যে, কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিতৌ ন ন স্থানৰ পৰা সৰবৰাহকাৰীয়ে ন ন কৌশল প্ৰয়োগ কৰি বহিঃৰাজ্যলৈ নিচাযুক্ত ড্ৰাগছ সৰবৰাহৰ বাবে সৰবৰাহকাৰীয়ে অপচেষ্টা অব্যাহত ৰাখিছে ৷ কাৰ্বি আংলং আৰক্ষীয়েও এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সীমান্তত কঠোৰ অভিযান চলাই সৰবৰাহকাৰীৰ প্ৰতিটো অভিযান ব্যৰ্থ কৰি অহা পৰিলক্ষিত হৈছে ৷ নাগালেণ্ডত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তা থকাৰ বাবে এইবাৰ সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি বিহাৰৰ পৰা অনাৰ কথা জানিবলৈ দিয়ে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই (Brown Sugar seized at Bokajan) ৷
আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই আজি উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনি আফগানিস্থান বা নেপালৰ পৰা সৰবৰাহ কৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে আৰক্ষীয়ে আজি ব্ৰাউন চুগাৰসহ আটক কৰা লোকজন বিহাৰৰ ছিৱান জিলাৰ কাগজী মহল্লাৰ লেফটেনেন্ট ৰাম সুভাকৰ পুত্ৰ সুনিল কুমাৰ (৫৫) বুলি চিনাক্ত কৰা হৈছে ৷ জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হ’ব বুলি সন্দেহ কৰিছে আৰক্ষীয়ে (Drugs worth Rs 15 cr seized at Bokajan) ৷
লগতে পঢ়ক:Morphine Seized: ডিলাইত প্ৰায় ৮ কোটি টকাৰ মৰফিনসহ দুই সৰবৰাহকাৰী আটক