ডিফু, 25 ফেব্ৰুৱাৰী :অসম-নাগালেণ্ড সীমান্ত এলেকাত অব্যাহত আছে অবৈধ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ আৰক্ষী বিভাগলৈ কোনো কেৰেপ নকৰি দুষ্টচক্ৰই চলাই গৈছে ড্ৰাগছৰ অবাধ ব্যৱসায় ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰৱৰাহ হৈ অহা ড্ৰাগছ জব্দ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত একাংশক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও চলি আছে ড্ৰাগছৰ চোৰাং সৰৱৰাহ ৷ কিন্তু এইবাৰ স্থলপথেৰে নহয়, জলপথেৰে সৰৱৰাহ হৈছে ড্ৰাগছ (Drugs smuggling via waterways at Bokajan) ৷
শুকুৰবাৰে, এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানাৰ অ'চি মৌবলিক ব্ৰক্ষ্ম, উপ পৰিদৰ্শক বিপ্লৱ দাসৰ সহযোগত, আৰক্ষী আৰু চিআৰপিএফৰ কামাণ্ডো বাহিনীৰ এটা যুটীয়া বাহিনীয়ে বোকাজান থানাৰ অন্তৰ্গত ঘঁৰিডুবিত অভিযান চলাওঁতে ধনশিৰি নদীৰে এটা বস্তাত ভৰাই নি থকা অৱস্থাত 85 টা চাবোনৰ বাকচত 1040 গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ (Heroin seized at Bokajan) কৰাৰ লগতে দুজন ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested at Bokajan) ৷