ডিফু, ১৪ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰে পূজাৰ মাজতে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে দুই আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী দুজনক আটক কৰে ।
উল্লেখ্য যে, বোকাজান মহকুমা আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ সৰবৰাহকাৰীয়ে নিষিদ্ধ এই মাৰাত্মক সামগ্ৰীবিধ সৰবৰাহৰ বাবে নিতৌ ন ন কৌশল অৱলম্বন কৰিছে ৷ যদিও খটখটি আৰু বোকাজান আৰক্ষীৰ চকুত ধূলি মাৰি সাৰি যাব পৰা নাই কোনো ড্ৰাগছ সৰবৰাহকাৰী ৷ এইক্ষেত্ৰত খটখটি আৰু বোকাজান আৰক্ষী সদায় সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ।
বুধবাৰে পুনৰ এনে এক অভিযানত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৌব্লিক ব্ৰহ্ম, মৃদুল ৰুদ্ৰ পল, চৰণ মোহন চেতিয়া আৰু নিতুল শইকীয়াৰ সৈতে এটা দলে খটখটি এছ বি আই শাখাৰ সন্মুখৰ এখন নৈশ বাছৰ পৰা নিষিদ্ধ ড্ৰাগছসহ দুজনক আটক কৰে ।