অসম

assam

ETV Bharat / state

ডিলাইত আৰক্ষীৰ জালত বুজন পৰিমাণৰ হেৰ’ইনসহ সৰবৰাহকাৰী - অসমৰ মুখ্যমন্ত্ৰী

শনিবাৰে ডিফুত পোন প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ (Drugs) দাহন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰপাচতে দেওবাৰে জিলাখনৰ ডিলাইত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ আটক সৰবৰাহকাৰী ৷

DRUGS SEIZED AT DILAI
ডিলাইত আৰক্ষীৰ জালত বুজন পৰিমাণৰ হেৰ‘ইনসহ সৰবৰাহকাৰী

By

Published : Jul 18, 2021, 7:56 PM IST

ডিফু, 18 জুলাই : অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে অসম আৰক্ষীয়ে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ব্যাপক হাৰত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে বিভিন্ন কৌশলেৰে কাৰ্বি আংলং জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা একাংশ দুষ্কৃতিকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ প্ৰক্ৰিয়া অব্যাহত ৰখা পৰিলক্ষিত হৈছে । জিলাখনৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে দেওবাৰে অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ডিলাইত আৰক্ষীৰ জালত বুজন পৰিমাণৰ হেৰ‘ইনসহ সৰবৰাহকাৰী

এক গোপন সূত্ৰই লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া, উপ-পৰিদৰ্শক হীৰকজ্যোতি দাস আৰু সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিলাই থানাৰ সন্মুখত তালাচী অভিযান আৰম্ভ কৰে । উক্ত অভিযানৰ সময়তে দিনৰ প্ৰায় ১১.৩০ বজাত এএছ-০২ এল-৫৬১৯ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহনত তালাচী চলাই ১০ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত মুঠ ১২০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । জব্দ হোৱা হেৰ'ইনখিনি বাহনখনৰ পিছফালৰ আসনৰ তলত কৌশলেৰে লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে ।

ডিলাইত আৰক্ষীৰ জালত বুজন পৰিমাণৰ হেৰ‘ইনসহ সৰবৰাহকাৰী

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মঃ ইক্ৰামূল ইছলাম (৪৩) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীৰ প্ৰাথমিক তদন্তত জব্দ হোৱা হেৰ'ইনখিনি ডিমাপুৰৰ পৰা মৈৰাবাৰীলৈ নি থকা হৈছিল বুলি জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, যিদৰে মাঘৰ মেজিৰ জুইত সমাজৰ সকলো অসূয়া-বিপত্তি, অমংগল দূৰ হয়, ঠিক সেইদৰে শনিবাৰে ড্ৰাগছ দাহনৰ জুয়ে ৰাজ্যত ড্ৰাগছৰ ভয়াৱহতা নিঃশেষ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে । শনিবাৰে ডিফুত পোন প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ (Drugs) দাহন কাৰ্যসূচীত উপস্থিত থাকি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে অসমৰ নৱপ্ৰজন্মক অন্ধকাৰলৈ ঠেলি নিয়া বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছিল হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়কঃ শক্তি বিভাগক শক্তিশালী কৰিবলৈ বিমল বৰাই বিচাৰিলে ৰাইজৰ সহায়

ABOUT THE AUTHOR

...view details