ডিফু,২২ মাৰ্চ: কাৰ্বি আংলঙত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা । দেওবাৰে নিশা বকলীয়াঘাট আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বকলীয়াঘাট নগৰ অঞ্চলৰ অধীনস্থ টকবি গাঁৱৰ মংগল টকবি নামৰ লোকজনৰ ঘৰত তালাচী চলায় ।
উক্ত অভিযানত আৰক্ষীয়ে ৯৬০টা নিচাযুক্ত টেবলেট জব্দ কৰে । লগতে মংগল টকবিৰ পুত্ৰ গৌতম টকবিক গ্ৰেপ্তাৰ কৰে । নিচাযুক্ত টেবলেট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জিন ৰংপি নামৰ যুৱকজনকো গ্ৰেপ্তাৰ কৰে ।
আনহাতে, আৰক্ষীৰ উপস্থিতিৰ উমান পাই মহেন্দ্ৰ ৰংপি নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় । জব্দ কৃত নিচাযুক্ত টেবলেটবোৰ হোজাই জিলাৰ ডবকা বাইপাছৰ পৰা অনা হৈছিল বুলি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে স্বীকাৰ কৰিছে ।