ডিফু, 2 জানুৱাৰী: আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে বিগত সময়ছোৱাত কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো অব্যাহত আছে অপৰাধমূলক ঘটনা ৷ শনিবাৰে সন্ধিয়াৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী আৰক্ষীয়ে অভিযান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷
কাৰ্বি আংলং আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী
শনিবাৰে সন্ধিয়াৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী আৰক্ষীয়ে অভিযান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷
জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ চক্ৰৰ চক্ৰ বিষয়া উপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলায় ৷ অভিযানত এখন অট'ৰিক্সাত অহা এজন যাত্ৰীৰ পৰা তলাচীৰ সময়ত আৰক্ষীয়ে ১০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত মুঠ ১৩৫ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জালত পৰা লোকজন বিশ্বনাথ চাৰিআলিৰ মহৰ আলী বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:ৰূপহীহাটত দিন দুপৰতে ডকাইতিকাণ্ড সংঘটিত