অসম

assam

ETV Bharat / state

মাঞ্জাত ৩২ লক্ষাধিক মূল্যৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ - মাঞ্জাত ৩২ লাখ টকাৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে MN ০৫ ২৩৬৮ নম্বৰৰ এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে ৪৩৬ গ্ৰাম ব্ৰাউন চুগাৰ ।

মাঞ্জাত ৩২ লাখ টকাৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ
মাঞ্জাত ৩২ লাখ টকাৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

By

Published : Apr 18, 2021, 6:51 PM IST

ডিফু,১৮ এপ্ৰিল:ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ সৰবৰাহ । শেহতীয়াকৈকাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে দুজন সৰবৰাহকাৰীকো কৰায়ত্ত কৰে ৷

মাঞ্জাত ৩২ লাখ টকাৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দেওবাৰে জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জাত এক তালাচী অভিযান চলায় ৷ উক্ত তালাচীত অভিযানকাৰী দলটোৱে MN ০৫ ২৩৬৮ নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰে ৪৩৬ গ্ৰাম ব্ৰাউন চুগাৰ । ৩৬ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি ।

মাঞ্জাত ৩২ লাখ টকাৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

সৰবৰাহৰ লগত জড়িত দুজন যুৱকক ক্ৰমে ৱেষ্ট মণিপুৰ ইম্ফল মহকুমা নিবাসী আব্দুল গফৰ আৰু আজাদ খান বুলি চিনাক্ত কৰা হৈছে ৷ জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য ৩২ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

For All Latest Updates

ABOUT THE AUTHOR

...view details