ডিফু, ১২ জুন:কৰ'ণা(corona) পৰিস্থিতিৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ(Assam Police) অভিযান ৷ পাহাৰীয়া জিলা কেইখনতো প্ৰতিদিনে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । বিশেষকৈ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সফলতা লাভ কৰাৰ পিছত কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি, ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফু মাটিপুং পথৰ আৰব'ৰেটাম আৰু ক্ৰাফট চেণ্টাৰৰ(Arboretum Cum Craft Centre) সন্মুখৰ এটা ভাড়াঘৰত তালাচী চলাই ২৯ টা সন্দেহযুক্ত নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । ধৃত লোকজন সন্তোষ সিঙ বুলি জানিব পৰা গৈছে ৷