ডিফু, 25 জুলাই : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাই ক্ৰমাৎ যেন নিচাজাতীয় সামগ্ৰীৰ ঘাটি হিচাপে পৰিণত হৈছে ৷ দেওবাৰে অঞ্চলটোৰ পৰা খটখটী আৰক্ষী আৰু বোকাজান আৰক্ষীয়ে দুবাৰকৈ অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰাৰ (Heroin seized at Diphu) লগতে বহুকেইজন সৰবৰাহকাৰীক আটক কৰে (Drugs peddler arrested at Diphu) ৷
অৱশ্যে ইয়াৰ পাছতো দুষ্ট চক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে (Anti Drugs mission) । শেহতীয়াকৈ এই ঘটনাৰ এদিন পিছতে পুনৰ সোমবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন নগা যুৱকক আটক কৰে (Drug Peddler Arrested at Diphu) ৷
ডিলাইত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজন নগাযুৱকক আটক এক গোপন সূত্ৰৰ ভিত্তিৰ তথ্য অনুসৰি ডিলাই থানা এলেকাৰ লংবই বস্তি তিনিআলিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ডিলাই অ'চি লুৎফুৰ ৰহমানৰ সৈতে এটা আৰক্ষীৰ দলে এখন স্কুটীত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ কৰে (Psychotropic Drugs Seized at Diphu) ৷
লগতে এজন লোকক আটক কৰে ৷ আটকাধীন লোকজন নাগালেণ্ড ডিমীপুৰ পুৰণা বজাৰৰ, মিডল কলনিৰ হকিৰ পুত্ৰ গিহ'কা হকি বুলি জানিব পৰা গৈছে (Drug Peddler Arrested with Psychotropic Drugs ) ৷ ইফালে জব্দকৃত নিচা জাতীয় টেবলেটৰ পৰিমাণ প্ৰায় 17,200 টা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:Superstition : ঋতুস্ৰাৱৰ বাবেই গছপুলি ৰোপন কৰিবলৈ অনুমতি নিদিলে ছাত্ৰীক