ডিফু, ২৯ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা ৷ শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত এক গোপন সূত্ৰৰ ভিত্তিত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰৰ নেতৃত্বত উপপৰিদৰ্শক নিতুল শইকীয়া, সহকাৰী উপপৰিদৰ্শক অৰুণ কুমাৰ নাথ আৰু সংগীয় ষ্টাফ সহ খটখটী থানা এলেকাৰ ৱাফং তাৰ' গাঁৱত অভিযান চলায়(Drug Peddler Arrested by Khatkhati police) ৷
অভিযানকাৰী দলটোৱে এটা ভাড়াতীয়া কোঠাত তালাচী চলাই আফতাৰ আলী ওৰফে আফতাৰ হুছেইনৰ পত্নী হাবিবা জান্নাত(২৫)ক নিষিদ্ধ হেৰইনৰ সৈতে আটক কৰিবলৈ সক্ষম হয়(Drugs Peddler arrested at Karbi Anglong) ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধৃত হাবিবা জান্নাতৰ পৰা এটা চাবোনৰ বাকচত ১২'৫০ গ্ৰাম নিষিদ্ধ হেৰইনৰ লগতে দুটা খালী চাবোনৰ বাকচ, ৬৬ টা সৰু সৰু প্লাষ্টিক কণ্টেইনাৰ আৰু নগধ ৯৮,৫০০ টকা জব্দ কৰে (Drugs seized in Karbi Anglong ) ৷