ডিফু, 25 মাৰ্চ :অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজানত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গুলিত আহয় হয় এটা ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler injured in police encounter) ৷ বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হে’ৰইনসহ আটক কৰিছিল সৰবৰাহকাৰীটোক(Huge consignment of drugs Seized in Bokajan) ৷
খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, বোকাজান ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, উপ পৰিদৰ্শকদ্বয় ৰাজীৱ বৰুৱা আৰু নিতুল শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে গোপন সূত্ৰ ভিত্তিত বোকাজান মহকুমাৰ খটখটীত চলাইছিল এই অভিযান ৷ আৰক্ষীৰ দলটোৱে তালাচী কালত নাকা তালাচী পইণ্টেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সৰবৰাহকাৰীটোৰ কেৰি বেগৰ পৰা 40 টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰিছিল প্ৰায় আধা কেজি হে’ৰইন ৷
লগে লগে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী বিমল পালক ৷ ধৃত বিমলৰ ঘৰ বোকাজান মহকুমাৰ অন্তৰ্গত শুকানজানত ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী বিমল পালে প্ৰাথমিক জেৰাত ড্ৰাগছখিনি বোকাজান থানা এলেকাৰ শুকানজানত এজনক দিয়াৰ বাবে অনাৰ কথা স্বীকাৰ কৰিছিল ৷ সেইমৰ্মে আৰক্ষীয়ে খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিমল পালকলৈ শুকানজান এলেকাত গাড়ীৰে যাবলৈ ৰাওনা হয় ৷