অসম

assam

ETV Bharat / state

হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কাৰ্বি আংলং জিলা পৰিবহণ বিভাগ - Campaign against helmetless riders in Manja

হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক-আৰোহীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ । শনিবাৰ জিলা পৰিবহণ বিষয়াৰ উপস্থিতিত জিলাখনৰ মাঞ্জাত চলিল অভিযান(Drive against helmetless riders in Manja)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলাখনত হেলমেট পৰিধান নকৰা বাহন চালক আৰু আৰোহীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৬০০ টাতকৈও অধিক গোচৰ ।

Drive against helmetless riders in Manja, Karbi Anglong
হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কাৰ্বি আংলং জিলা পৰিবহণ বিভাগ

By

Published : Dec 18, 2021, 7:30 PM IST

ডিফু, ১৮ ডিচেম্বৰ: শেহতীয়াকৈ দুচকীয়া বাহন চালক-আৰোহীৰ বাবে হেলমেট বাধ্যতামূলক কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাচতে জিলা জিলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । বিভাগীয় মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ লগতে বিভাগীয় আয়ুক্ত আৰু সচিবৰ তত্বাৱধনাত হেলমেট নিপিন্ধা চালক-আৰোহীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আছে । শনিবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাতো হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে অভিযান চলোৱা হয়(Karbi Anglong transport department against helmetless riders) ।

লগতে মাঞ্জা তিনিআলিত বেনাৰ, পোষ্টাৰ ওলোমাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয় । এই অভিযানৰ নেতৃত্ব দিয়া জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে সাংবাদিকৰ আগত কয় যে, জিলাখনত হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই দুৰ্ঘটনাত পতিত হোৱা লোকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে ৷ এনে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এনে অভিযান চলোৱা হৈছে(Campaign against helmetless riders in Manja) ৷ তেওঁ জনোৱা মতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলাখনত হেলমেট পৰিধান নকৰা বাহন চালক আৰু আৰোহীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৬০০ টাতকৈও অধিক গোচৰ ।

হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কাৰ্বি আংলং জিলা পৰিবহণ বিভাগ

ঘন কুঁৱলীয়ে আৱৰা পথত, বনভোজলৈ যোৱা পথত আৰু সাধাৰণ পথত কেনেকৈ বাহনসমূহ চলাব লাগে সেই বিষয়েও সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে । জিলাখনৰ সাধাৰণ জনতাই বুজি পোৱাকৈ অসমীয়া আৰু কাৰ্বি ভাষাত দুয়োটা ভাষাতে সজাগতামূলক পোষ্টাৰবোৰ লিখা হৈছে । বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ লগতে আৰু মাইকযোগে ঘোষণা কৰিও এই সন্দৰ্ভত বিভাগটোৱে সজাগতা অভিযান চলাব কৰিব বুলি জানিবলৈ দিয়ে পৰিবহণ বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক:ৰহস্যজনকভাৱে তিনিমাহে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

ABOUT THE AUTHOR

...view details