অসম

assam

কাৰ্বি-কুকি সংঘাতত মৃত্যুবৰণ কৰা শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নোমল মমিনৰ

By

Published : Mar 24, 2021, 10:55 PM IST

বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ১৯ জনকৈ শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷ শ্ৰদ্ধাঞ্জলি থলীত শ্বহীদ পৰিয়ালৰ লোকসকলে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে ৷ শ্বহীদসকলক সুঁৱৰি কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক ৷

কাৰ্বি-কুকি সংঘাতত মৃত্যুবৰণ কৰা ১৯ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি ডাঃ নোমল মমিনৰ
কাৰ্বি-কুকি সংঘাতত মৃত্যুবৰণ কৰা ১৯ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি ডাঃ নোমল মমিনৰ

ডিফু,২৪ মাৰ্চ: কাৰ্বি-কুকি সংঘাতৰ বলি হৈ ১৯ জনকৈ লোকে দুৰ্বৃত্তৰ হাতত প্ৰাণ বিসৰ্জন দিয়া ১৮ বছৰ উকলি গ'ল ৷ বুধবাৰে লাংভুকু ছাৰপ'টেৰণ গাঁৱৰ ঘটনাস্থলীত শ্বহীদ সকলৰ স্মৃতিত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ১৯ জনকৈ শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷ শ্ৰদ্ধাঞ্জলি থলীত শ্বহীদ পৰিয়ালৰ লোকসকলে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে ৷ শ্বহীদসকলক সুঁৱৰি কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক ৷

ডাঃ নোমল মমিনে ভাষণ প্ৰসংগত কয় যে, জাতিগত সংঘাত কংগ্ৰেছৰ দিনত হৈছিল বিজেপিৰ দিনত নহয় ৷ বিজেপিয়ে কেৱল উন্নয়নৰ ৰাজনীতি কৰে, সংঘাতৰ নহয় ৷ ৰাজনীতি হ’লে কেৱল উন্নয়নৰ ৰাজনীতি হ’ব লাগে ৷ কাৰ্বি-কুকি সংঘাতৰ বলি হোৱা শ্বহীদ পৰিয়ালৰ মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা ল'ৰা-ছোৱালীক ডাঃ নোমল মমিনৰ নিজা খৰছত আই টি আইত অধ্যয়ন কৰাৰ সুবিধা কৰি দিব বুলি মন্তব্য কৰে ৷

কাৰ্বি-কুকি সংঘাতত মৃত্যুবৰণ কৰা ১৯ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি ডাঃ নোমল মমিনৰ

২০০৪ চনৰ আজিৰ দিনটোতেই লাংভুকুত দূৰ্বৃত্তৰ হাতত মৃত্যুবৰণ কৰাৰ বাবে আজিৰ দিনটো কাৰ্বি আংলঙৰ বাবে 'ক’লা দিন" আখ্যা দিয়ে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৷ ঘটনাস্থলীত স্মৃতিসৌধৰ লগতে পাৰ্ক নিৰ্মাণ কৰি উক্ত পাৰ্কত ১৯ গৰাকী শ্বহীদৰ ফটো সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় বোকাজানৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷

ইপিনে লাংভুকু জলপ্ৰপাতৰ আন্তঃগাঁথনি আৰু নিৰ্মাণৰ বাবে অসম দৰ্শন আঁচনিৰ জৰিয়তে ৮ কোটি টকা আৱণ্টন দিয়া হৈছে ৷ এই বছৰত জলপ্ৰপাত পৰ্যটনথলী মুকলি কৰা হ’ব ৷ লাংভুকু পৰ্যটনস্থলীলৈ পৰ্যবেশিত হ’লে বিভিন্ন প্ৰান্তৰ পৰ্যটকে লাংভুকু পৰিদৰ্শন কৰিবলৈ আহিব ৷ লাংভুকু এলেকাৰ লোকসকলে ক্ষুদ্ৰ ব্যৱসায় কৰিও জীৱিকা নিৰ্বাহ কৰাৰ সম্বল বিচাৰি পাব বুলি কয় ডাঃ নোমল মমিনে ৷


লগতে পঢ়কঃ অখিলৰ সমৰ্থত শিৱসাগৰৰ ৰাজপথত সহস্ৰাধিক জনতা

ABOUT THE AUTHOR

...view details