ডিফু,25 মে’:ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মেচ আৰু নাই ৷ 22 মে’ৰ নিশা কাৰ্বি আংলং জিলাৰ ডিলাইত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল সাংবাদিক ৰাজীৱ মেচ ৷ চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ ফলতো সুস্থ হৈ নুঠিল জ্যেষ্ঠ সাংবাদিক গৰাকী ৷ নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক মেচে ৷
উল্লেখ্য যে, সোমবাৰে সাংবাদিক গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰদেহ নিজ বাসভৱনলৈ নিয়া হয় । তাৰ পাচতেই সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে সোমবাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় সাংবাদিক গৰাকীৰ ৷