অসম

assam

ETV Bharat / state

মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ - ভাৰতীয় দণ্ডবিধিৰ ধাৰা 306

ন-বোৱাৰী মাৰ্চি বৰাৰ আত্মহত্যাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বৰ্তমানেও অব্যাহত আছে ব্যাপক চাঞ্চল্য় ৷ এই চাঞ্চল্যৰ মাজতেই গোচৰ নং 9/2020ৰ ভিত্তিত ডকমকা আৰক্ষীয়ে তদন্ত চলাই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 306ৰ অধীনত বৃহস্পতিবাৰে সন্ধিয়া মাৰ্চিৰ স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ কৰে ৷

মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ
মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ

By

Published : Feb 22, 2020, 7:00 PM IST

ডিফু, 21 ফেব্ৰুৱাৰীঃকাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অধীনস্থ কামপুৰীয়া গাঁৱত, মাথো দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা ন-বোৱাৰী মাৰ্চি বৰাই,১৪ ফেব্ৰুৱাৰীত ভেলেন্টাইন ডে'ৰ দিনা ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ পিচত বিগত প্ৰায় এসপ্তাহে ৰাজ্যজুৰি অব্যাহত আছে ব্যাপক চাঞ্চল্য ৷ সকলোৰে মনত বিভিন্ন প্ৰশ্নই দোলা দি থকাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক ৷

মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ

উল্লেখ্য যে, ডকমকাৰ কামপুৰীয়া গাঁৱত স্বামীগৃহৰ শোৱনি কোঠাত ৰহস্যজনকভাৱে সন্ধিয়া চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মাৰ্চিৰ মৃতদেহ ৷ ন্যায় বিচাৰি মাৰ্চিৰ পৰিয়ালে ১৭ ফেব্ৰুৱাৰীত এক গোচৰ ৰুজু কৰিছিল ডকমকা থানাত ৷ পঞ্জীয়নভূক্ত গোচৰ নং 9/2020ৰ ভিত্তিত ডকমকা আৰক্ষীয়ে তদন্ত চলাই, ভাৰতীয় দণ্ডবিধিৰ ধাৰা 306 ৰ অধীনত বৃহস্পতিবাৰে সন্ধিয়া স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়কঃ

দেৱযানী দত্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বিশ্বনাথত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details