ডিফু,13 জুন :কাৰ্বি আংলং জিলাৰ ডকমকাত শনিবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । থিতাতে নিহত এগৰাকী মটৰ চাইকেল আৰোহী । মৃত লোকজন ডকমকাৰ লুনচে তিমুঙ গাঁৱৰ মদনছিং ৰংফাৰ । প্ৰাপ্ত খবৰ অনুসৰি, পুৱাৰ ভাগত উত্তৰ বৰবিলৰ সুজিত দেৱনাথে নিজৰ AS-০১-EH-৮৯৪১ নম্বৰৰ মাৰুতি প্ৰেছ' গাড়ীখন লৈ ডকমকা অভিমুখে আহি থকা অৱস্থাত একে দিশৰ পৰা গৈ থকা মটৰ চাইকেল আৰোহী মদনছিং ৰংফাৰক ডকমকা থং নকবে মহাবিদ্যালয়ৰ সন্মুখত পিছফালৰ পৰা খুন্দিয়ায় ৷
ডকমকাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত - car and bike accident
কাৰ্বি আংলং জিলাৰ ডকমকাৰ থং নকবে মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনাত লুনচে তিমুং গাঁৱৰ মদনছিং ৰংফাৰ নামৰ মটৰ চাইকেল আৰোহী থিতাতে নিহত হয় ।
![ডকমকাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত Accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12111428-1075-12111428-1623569096798.jpg)
ডকমকাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত
ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মটৰ চাইকেল আৰোহী মদনছিং ৰংফাৰে থিতাতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় । এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰা দেখা গৈছে ।
লগতে পঢ়ক:ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস