ডিমা হাছাও, 6 অক্টোবৰ:বুধবাৰে নতুনকৈ আত্মপ্ৰকাশ কৰা ডিমাছা নেচনেল লিবাৰেচন ট্ৰাইবেল (DNLT) উগ্ৰপন্থী সংগঠনৰ 8 জন সদস্যক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষীয়ে ৷
বিজয়া দশমীৰ দিনা চলোৱা এই অভিযানত গ্ৰেপ্তাৰ কৰা DNLTৰ উগ্ৰপন্থীকেইজনৰ ভিতৰত 6 জন কেডাৰক ডিমা হাছাওৰ পৰা (DNLT cadres arrested by Dima Hasao police) আৰু 2 জন কেডাৰক কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰে (DNLT cadres arrested by Karbi Anglong police) অভিযানকাৰীদলটোৱে ৷
DNLT উগ্ৰপন্থী সংগঠনৰ আঠগৰাকী কেডাৰক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ হোৱা DNLT সংগঠনৰ উগ্ৰপন্থীকেইজনৰ পৰা দুটা পিষ্টল, দুটা বোমা আৰু গুলী উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকে DNLT নামৰ উগ্ৰপন্থী সংগঠনটো সামাজিক যোগাযোগ মাধ্যমত এখন বিবৃত্তি দি ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলা বন্ধৰ আহ্বান কৰাৰ পিছৰে পৰা ডিমা হাছাও আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষী অসম ৰাইফলছ অভিযানত নামে বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, বিগত সময়ছোৱাত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল ৷
লগতে পঢ়ক:সোণাৰিৰ ৰহনত দুৰ্বৃত্তৰ দাৰ ঘাপত নিহত স্বামী-স্ত্ৰী