অসম

assam

DNLA militants surrender: মূলসুঁতিলৈ ঘূৰি আহিল ডি এন এল এৰ ৬৭ সদস্য

By

Published : Dec 23, 2021, 9:18 PM IST

বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ ধনশিৰিত আত্মসমৰ্পন কৰিলে ডি এন এল এৰ ৬৭ জন সদস্যই (DNLA militants surrender in Karbi Anglong) ৷ মূলসুঁতিলৈ ঘূৰি অহা বিদ্ৰোহী সদস্যসকলে ১১ টা বন্দুক, ৯ টা পিষ্টলৰ লগতে তিনিশজাঁই সজীৱ গুলী আৰক্ষীৰ ওচৰত জমা দিয়ে ৷

মূল সুঁতিলৈ ঘূৰি আহিল ডি এন এল এৰ ৬৭ সদস্য
মূল সুঁতিলৈ ঘূৰি আহিল ডি এন এল এৰ ৬৭ সদস্য

ডিফু, ২৩ ডিচেম্বৰ: কাৰ্বি আংলং আৰু ডিমা হাচাওত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা উগ্ৰপন্থী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ (Dimasa National Liberation Army)ৰ ৬৭ জন সদস্যই বৃহস্পতিবাৰে ধনশিৰিত আত্মসমৰ্পন কৰে (DNLA rebels surrender in Karbi Anglong) ৷ উগ্ৰপন্থী সংগঠনটোৰ অধ্যক্ষ আৰু সেনাধ্যক্ষ নাইডিং ডিমাছাৰ নেতৃত্বত এই অস্ত্ৰ সম্বৰণ কাৰ্যসূচী সম্পন্ন হয় ৷ কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থকা এই আত্মসমৰ্পন অনুষ্ঠানত উপস্থিত আছিল অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান(বিশেষ শাখা) হিৰেণ চন্দ্ৰ নাথ, মধ্য মণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিআৰপিএফৰ শীৰ্ষ বিষয়া, পৰিষদৰ বহুকেইগৰাকী কাৰ্যবাহী সদস্যৰ লগতে এমএচি ৷

উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে দুটা AK চিৰিজৰ ৰাইফলকে ধৰি মুঠ ১১ টা বন্দুক, ৯ টা পিষ্টলৰ লগতে তিনিশজাঁই সজীৱ গুলী জমা দিয়ে ৷ উল্লেখযোগ্য যে, ২৫ ছেপ্তেম্বৰত উগ্ৰপন্থী সংগঠনটোৱে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি ওলাই আহিছিল ৷ ১৩ নৱেম্বৰত ডিমা হাছাও জিলাৰ খেপ্ৰেত উগ্ৰপন্থী সংগঠনটোৰ ৪৯ গৰাকী সদস্যই ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা আৰু হিৰেন চন্দ্ৰ নাথৰ ওচৰত অস্ত্ৰ-শস্ত্ৰসহ আত্ম সমৰ্পন কৰিছিল ৷

অস্ত্ৰ সম্বৰণ কাৰ্যসূচীৰ চমু ভাষণত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেণ চন্দ্ৰ নাথে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবে কেইবাটাও উগ্ৰপন্থী সংগঠন মূল সূঁতিলৈ ঘূৰি আহিছে ৷ জাতিৰ উন্নয়নৰ বাবে এইসকল বিদ্ৰোহী সদস্যৰ সমস্যা সমাধানৰ বাবেও চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ঘৰৰ ল'ৰা ঘৰলৈ ঘৰলৈ ঘূৰি অহা বুলি মন্তব্য কৰে ৷ লগতে সমাজৰ সকলোকে আত্মসমৰ্পনকাৰী সদস্যসকলক আকোঁৱালি লবলৈ আহ্বান জনায় ৷

মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, এই দিনটো জিলাখনৰ বাবে এক ঐতিহাসিক দিন ৷ সসস্ত্ৰ পথ লোৱা যুৱকসকলে সমস্যাৰ সমাধান বিচাৰি আলোচনাৰ মাজলৈ আহিছে ৷ সমাজৰ বাবে এয়া ভাল লক্ষণ ৷ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই ই সম্ভৱ হৈছে ৷ বহু উন্নয়ণমূলক কাম কৰিবলৈ বাকী আছে ৷ উন্নয়নৰ আৰু শান্তিৰ বাট বোলা উগ্ৰপন্থী সদস্যসকলক আদৰণি জনাইছোঁ ৷ শান্তি বিচাৰি জিলাৰ আন ছয়টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ এৰি মূল সূঁতিলৈ ঘূৰি আহিছে বুলি ৰংহাঙে মন্তব্য কৰে ৷ বিদ্ৰোহী সংগঠনসমূহৰ দাবীসমূহ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে আলোচনা কৰিব বুলিও কয় ৰংহাঙে ৷ একেটা অনুষ্ঠানতে আগন্তুক দুমাহৰ ভিতৰত ডিফু-ধনশিৰি সংযোগী পথটো নিৰ্মান কৰি উলিওৱা হ’ব বুলিও মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক:Police raid: আলফাত যোগদানৰ বাবে যোৱা মানস গগৈৰ গৃহত আৰক্ষীৰ তালাচী

ABOUT THE AUTHOR

...view details