অসম

assam

ETV Bharat / state

ডিফু ন্যায়িক আদালত চৌহদত ক'ভিড-১৯ ৰ টীকাকৰণ শিবিৰ - জিলা প্ৰশাসন

কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে ডিফু ন্যায়িক আদালত চৌহদত আয়োজন কৰা হয় ক'ভিড-১৯ ৰ টীকাকৰণ শিবিৰ ৷

ডিফু ন্যায়িক আদালত চৌহদত ক'ভিড-১৯ টীকাকৰণ শিবিৰ সম্পন্ন
ডিফু ন্যায়িক আদালত চৌহদত ক'ভিড-১৯ টীকাকৰণ শিবিৰ সম্পন্ন

By

Published : Apr 28, 2021, 2:06 PM IST

ডিফু,২৮ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ডিফু ন্যায়িক আদালত চৌহদত আয়োজন কৰা হয় ক'ভিড-১৯ ৰ টীকাকৰণ শিবিৰ ৷ সম্পূৰ্ণ ক'ভিড-১৯ ৰ নীতি-নিৰ্দেশনা অনুসৰি, অনুষ্ঠিত হয় টীকাকৰণ শিবিৰ ৷

টীকাকৰণ শিবিৰ

উক্ত শিবিৰত ন্যায়িক বিষয়া, ন্যায়িক কৰ্মচাৰী, অধিবক্তাৰ লগতে তেওঁলোকৰ আত্মীয়-স্বজন আৰু স্থানীয় লোকসকলেও টীকাকৰণ কাৰ্যসূচীত উপস্থিত থাকে ৷ শিবিৰৰ উদ্বোধনী বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ কল্যাণ শইকীয়াই ৷

বন্তি প্ৰজ্বলন

ন্যায়াধীশ এম এইছ আনচাৰী, মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, ডিএলএছএৰ সচিব নাগিব আহমেদে উক্ত শিবিৰত উপস্থিত থাকে ৷ টীকাকৰণ শিবিৰত উপস্থিত থকা সকলোকে উদ্যোক্তাসকলে পানী, অ'আৰএছ আদি বিতৰণ কৰে ৷ ডিএলএছৰ এনে প্ৰচেষ্টাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ৷

ডিফু ন্যায়িক আদালত চৌহদত ক'ভিড-১৯ টীকাকৰণ শিবিৰ সম্পন্ন

লগতে পঢ়ক: মৰিগাঁৱত শৌচাগাৰৰ পৰা আটক গৰু চোৰ

ABOUT THE AUTHOR

...view details