অসম

assam

By

Published : Mar 23, 2021, 8:28 PM IST

ETV Bharat / state

ধৰ্ষিতালৈ ৫ লাখ টকাৰ সাহায্য আইন সেৱা প্ৰাধিকৰণৰ

ধৰ্ষণৰ বলি হোৱা কাৰ্বি আংলঙৰ মহিলালৈ সহায়ৰ হাত আগবঢ়াইছে জিলা আইন সেৱা প্ৰাধিকৰণে । মঙলবাৰে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে এগৰাকী ধৰ্ষিতাক ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰে ।

ধৰ্ষিতালৈ ৫ লাখ টকাৰ সাহায্য আইন সেৱা প্ৰাধিকৰণৰ
ধৰ্ষিতালৈ ৫ লাখ টকাৰ সাহায্য আইন সেৱা প্ৰাধিকৰণৰ

ডিফু,২৩ মাৰ্চ: নৰপিশাচৰ কামনাৰ বলি হৈ অসহায় হৈ পৰা ধৰ্ষিতাক জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে আৰ্থিক সহায় আগবঢ়াইছে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে । ডিফুস্থিত কাৰ্বি আংলং জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত প্ৰাংগণত মঙলবাৰে অনুষ্ঠিত এক সভাত জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএই এগৰাকী ধৰ্ষিতাক ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰে ৷ ২০১৬ চনত মহিলাগৰাকীৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল ।

ভুক্তভোগী মহিলাগৰাকীলৈ সহায়ৰ হাত আগবঢ়াই এই ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰিছে জিলা আইন সেৱা প্ৰাধিকৰণে । মঙলবাৰে ডিএলএছএই দুখন চেকযোগে ভুক্তভোগী মহিলাগৰাকীক ডেৰ লাখ টকা প্ৰদান কৰাৰ লগতে বাকী ৩ লাখ ৫০ হাজাৰ টকা ধৰ্ষিতাগৰাকীৰ নামত ফিক্সড ডিপ’জিট কৰে ৷ জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ কল্যাণ শইকীয়াই ভুক্তভোগী মহিলাগৰাকীক চেক দুখন প্ৰদান কৰে ৷

ইয়াৰ উপৰিও মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং আৰু ডিএলএছএৰ সচিব নাগিব আহমেদে জীৱনলৈ অহা সকলো প্ৰত্যাহ্বানকো নেওচি জীৱনটো সাৰ্থক কৰিবলৈ অনুপ্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে ৷ এই আৰ্থিক সাহায্যই মহিলাগৰাকীক স্বাৱলম্বী হোৱাৰ বাবে ন উদ্যমেৰে কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশাবাদী জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়াসকল ।

লগতে পঢ়ক: ৰঙিয়াত ভোটদানক লৈ সজাগ নৱপ্ৰজন্ম

ABOUT THE AUTHOR

...view details