অসম

assam

By

Published : May 15, 2022, 1:39 PM IST

ETV Bharat / state

ডিফুত ন্যায়াধীশ মালাশ্ৰী নন্দীৰ উপস্থিতিত সম্পন্ন ৰাষ্ট্ৰীয় লোক আদালত

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিফুত শনিবাৰে সম্পন্ন হয় ৰাষ্ট্ৰীয় লোক আদালত(National Lok Adalat at Diphu) । ডিফুস্থিত কাৰ্বি আংলং জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হোৱা লোক আদালতত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালাশ্ৰী নন্দী(Guwahati High Court Judge Malashree Nandi at Diphu) ।

DLSA Diphu organises Lok Adalat
ডিফুত ন্যায়াধীশ মালাশ্ৰী নন্দীৰ উপস্থিতিত সম্পন্ন “ৰাষ্ট্ৰীয় লোক আদালত”

ডিফু,১৫ মে': অসমৰ অন্যান্য জিলাৰ লগতে কাৰ্বি আংলং জিলাতো শনিবাৰে সম্পন্ন ৰাষ্ট্ৰীয় লোক আদালত(National Lok Adalat at Diphu) । ডিফুস্থিত কাৰ্বি আংলং জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় লোক আদালতত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালাশ্ৰী নন্দী(Guwahati High Court Judge Malashree Nandi at Diphu) ৷

ন্যায়াধীশগৰাকীয়ে ডিফু ন্যায়িক আদালতত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় লোক আদালতৰ শুভাৰম্ভ কৰে ৷ ন্যায়াধীশগৰাকীক সহযোগিতা আগবঢ়ায় কাৰ্বি আংলং জিলা আৰু সত্ৰ ন্যয়াধীশ আব্দুল হেকিম, সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহুল আনছাৰী, মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙ আদিয়ে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিফুটো শনিবাৰে সম্পন্ন হয় ৰাষ্ট্ৰীয় লোক আদালত

জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিজয়া খাকলাৰী আৰু ডিফুত অধ্যয়নৰত আইনৰ ছাত্ৰ-ছাত্ৰী সকলে ডিফু ন্যায়িক আদালতলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালাশ্ৰী নন্দী উষ্ম আদৰণি জনায় ৷ উক্ত লোক আদালতত বি এছ এন এল, এ পি ডি চি এল আৰু বেংকসমূহৰ আনাদয় ঋণ তথা বিদ্যুৎ, দূৰভাষ সেৱাৰ বিল সম্পৰ্কীয় ওজৰ আপত্তিসমূহৰ গোচৰ নিস্পত্তি কৰা হয় ।

লগতে বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, যান বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ ইয়াতে নিষ্পত্তিকৰণৰ ব্যৱস্থা লোৱা হৈছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰে মীমাংসা যোগ্য এপিডিচিএল আৰু বেংকৰ ২৪৯৪ টা গোছৰৰ ১৩৮ গোছৰ নিষ্পত্তি হয় । ইয়াৰ জৰিয়তে ১৫ লাখ ৮ টকা সংগ্ৰহ কৰা হয় ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালাশ্ৰী নন্দীক সম্বৰ্ধনা জনোৱা মূহুৰ্ত্ব

ইয়াৰোপৰি আদালতৰ যান-বাহনৰ মীমাংসা যোগ্য গোচৰ সমূহৰ ৬৯৭ টাৰ ১৪০ টা গোচৰৰ নিষ্পত্তিকৰণ কৰা হয় আৰু ইয়াৰ জৰিয়তে ৩ লাখ ৭১ হাজাৰ টকা সংগ্ৰহ কৰা হয় বুলি জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক:ভূমি বিবাদক কেন্দ্ৰ কৰি সত্ৰকণৰা ৬ নং ছিটত প্ৰচণ্ড মাৰপিট, আহত 5

ABOUT THE AUTHOR

...view details