অসম

assam

By

Published : Mar 8, 2021, 6:56 PM IST

ETV Bharat / state

ডিফুত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন । ডিফুস্থিত আৱৰ্ত ভৱনত আয়োজিত অনুষ্ঠানত আদৰ্শ নাৰী হিচাপে অম্বিকা প্ৰধান থাপা আৰু মানাই টেৰণপীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ নৱ নিযুক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং ।

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন
ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

ডিফু, ৮ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো সোমবাৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ৷ নাৰী দিৱস উপলক্ষে ডিফুস্থিত আৱৰ্ত ভৱনত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু ৱান ষ্টপ চেণ্টাৰ সখীৰ সহযোগত এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ নৱ নিযুক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং ।

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

নাৰী দিৱস উপলক্ষে ধনশিৰিৰ শিশু গৃহৰ পৰিচালিকা অম্বিকা প্ৰধান থাপা আৰু আত্ম নিৰ্ভৰশীল মহিলা ডিফু ৰংখেলানৰ মানাই টেৰণপীক এই সভাতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ নাৰী শক্তিক প্ৰশংসা কৰি মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙে সকলোকে নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ পূৰ্বে নাৰী নিৰ্যাতন, যৌতুক, ধৰ্ষণ আদিৰ দৰে কাৰ্য অসমৰ বাহিৰত অধিক সংঘটিত গৈছিল যদিও এনে অপৰাধমূলক কাৰ্য এতিয়া অসমতো হৈছে বুলি মন্তব্য কৰাৰ লগতে নাৰী সুৰক্ষাক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে ৷

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

নাৰীৰ আইনী অধিকাৰ সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণে সমাজৰ চুকে-কোণে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, সভাত উপস্থিত থকা জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ নিয়োজিত অধিবক্তা দুগৰাকী ক্ৰমে ৰশ্মি ভড়ালী আৰু সুপ্ৰিয়া হাঞ্চুৱে নাৰী সবলীকৰণ, নাৰী সুৰক্ষা, নাৰী অধিকাৰৰ বিষয়ে বিভিন্ন আইন, বাল্য বিবাহ, শিশু শ্ৰম আদি বিষয়ত বিস্তৃত বাখ্যা আগবঢ়ায় ৷

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

লগতে ঘৰুৱা হিংসা, যৌতুক, আদি অপৰাধ সন্দৰ্ভত মহিলাসকলক নিৰ্ভয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষ চাপি বিনামূলীয়া আইনী সুবিধা ল'বলৈ আহ্বান জনায় ৷ ইফালে, সোমবাৰে ডিফু কলা কেন্দ্ৰত জিলাখনৰ অগ্ৰণী মহিলা সংগঠন আৰু ইয়াৰ ভগ্নী সংগঠনসকলেও আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে ৷

লগতে পঢ়ক:কোকৰাঝাৰত আন্তৰ্জাতিক নাৰী দিৱস পালন

ABOUT THE AUTHOR

...view details