ডিফু, 11 নৱেম্বৰঃএবছৰ সম্পূৰ্ণ নৌহওঁতেই এ.পি.এইছ.এল.চিত বিভাজন ৷ সভাপতি জে.আই কাথাৰৰ বিৰুদ্ধে সমন্বয়হীনতাৰ অভিযোগ তুলি নতুন সমিতি গঠন কৰাৰ অভিযোগ ৷ অৱসৰপ্ৰাপ্ত আই.এছ বিষয়া জন ইংতি কাথাৰৰ নেতৃত্বত কাৰ্বি-আংলঙৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰছ কনফাৰেঞ্চ (এ.পি.এইছ.এল.চি)ত সৃষ্টি হৈছে ভাঙোনৰ ৷ ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক জ'না তেৰাঙে নৱগঠিত দলটোৰ পৰা বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা জে.আই কাথাৰে দলীয় কৰ্মীৰ মাজত সমন্বয়হীন মনোভাৱ গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰে ৷
দলীয় সংঘাতত জৰ্জৰিত কাৰ্বি আংলঙৰ এ.পি.এইছ.এল.চি - অল পাৰ্টী হিলছ লীডাৰছ কনফাৰেঞ্চ
কাৰ্বি-আংলঙৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰছ কনফাৰেঞ্চ (এ.পি.এইছ.এল.চি)ত সৃষ্টি হৈছে ভাঙোনৰ ৷ সভাপতি জে.আই কাথাৰৰ বিৰুদ্ধে সমন্বয়হীনতাৰ অভিযোগ তুলি নতুন সমিতি গঠন কৰাৰ অভিযোগ ৷
দলীয় সংঘাত কাৰ্বি-আংলঙৰ এ.পি.এইছ.এল.চিত
জ'না তেৰাঙে দলটোৰ ভিতৰত চলি থকা আভ্যন্তৰীণ কন্দলৰ বিষয়ে সদৰি কৰি কয় যে, সভাপতি গৰাকীয়ে সাধাৰণ সম্পাদক তথা দলৰ অন্যান্য কৰ্মীৰ সহযোগ নোহোৱাকৈ নিজ ইচ্ছা অনুসাৰে বিভিন্ন ঠাইত সভা-সমিতিৰ আয়োজন কৰে ৷ ইয়াৰ পৰা গম পোৱা যায় যে, দলটোত আভ্যন্তৰীণ কন্দলে বিভাজনৰ সৃষ্টি কৰিছে ৷ এই সংবাদমেলত জ'না তেৰাঙে নতুন সভাপতি হিচাপে হেমাৰী ৰংপি, দ্বিপেন বে'ক মুখপাত্ৰ আৰু দেউৰী তেৰাঙক বিত্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও উল্লেখ কৰে ৷
আৰু পঢ়কঃ বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱাল