ডিফু , ২৯ জানুৱাৰী : কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ১৯৮৯ চনৰ বাৰ্ষিক অধিৱেশনৰ কামত ব্যস্ত হৈ থকাৰ সময়তে এক দুৰ্ঘটনাত অতুল বৰা,দুলেশ্বৰ গগৈ আৰু গোলাগ শইকীয়াই অকালতে প্ৰাণ হেৰুৱাইছিল । নিজৰ ভাষা সাহিত্যৰ প্ৰতি থকা অগাধ ভালপোৱা এই তিনিগৰাকী ব্যক্তিৰ স্মৃতি ৰক্ষাৰ বাবে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত দেওপানী শাখা সাহিত্য সভাই আয়োজন কৰি আহিছে অসম ভিত্তিত চুটি গল্প প্ৰতিযোগিতাৰ ৷ এইবছৰো গল্প প্ৰতিযোগিতাৰ লগতে সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে স্মৃতি দিৱসৰ ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয় ।
স্মৃতি দিৱসৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ কৰবী ডেকা হাজৰিকাই কয় যে সকলোৱে নিজৰ ভাষা-সাহিত্য জীয়াই ৰাখিব লাগিব ৷ সেয়ে তেওঁ মাতৃ সকলক শিশুক নিচুকণি গীত,আইনাম,ধাইনাম গোৱাই শুৱাবলৈ আহৱান জনাই ৷ জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ গৈ মৃত্যু তিনিগৰাকী যুৱকৰ স্মৃতিত এইদৰে অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যৰ শলাগ লয় ।