অসম

assam

ETV Bharat / state

ডিফুত বিদ্যালয়ৰ সীমাকেন্দ্ৰিক বিবাদ: জেচিবিৰে মাটি খননত বাধা ৰাইজৰ - Dispute over boundaries

ডিফু ৰংমিৰ্দান ইংলিছ এল পি স্কুল বিদ্যালয়ৰ সীমাক লৈ বিবাদ । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি স্কুলখনৰ সীমাতে থকা অজয় টেৰণ নামৰ লোকজনে জেচিবিৰে বিদ্যালয়খনৰ সীমাৰ মাটি খনন কৰাত খাৱৈ সদৃশ পৰিৱেশত ওলমি আছে বিদ্যালয়খন ৷

dispute-over-the-boundaries-of-a-school-at-diphu
ডিফুত এখন বিদ্যালয়ৰ সীমাকলৈ বিবাদ

By

Published : Jun 13, 2021, 11:30 AM IST

ডিফু, 13 জুন : ডিফুৰ এখন বিদ্যালয়ৰ মাটিৰ সীমাক কেন্দ্ৰ কৰি উত্তেজনা । ডিফু চহৰৰ মাটিপুং এলেকাৰ এখন পাহাৰৰ শিখৰত অৱস্থিত ৰংমিৰ্দান ইংলিছ এলপি স্কুল(Rongmirdan English L.P Primary School)ৰ খনৰ সীমালৈকে মাটি খনন কৰাৰ পৰিপ্ৰেক্ষিতত এই বিবাদৰ সূত্ৰপাত হয় ৷

ডিফুত এখন বিদ্যালয়ৰ সীমাকলৈ বিবাদ

বিদ্যালয়খন খহি পৰাৰ আশংকাত একত্ৰিত হৈছে ৰাইজ । দান বৰঙণিৰে ৰাইজে ১৯৮৪ চনত ৰংমিৰদান ইংৰাজী ইল পি স্কুল(Rongmirdan English L.P Primary School)খন নিৰ্মাণ কৰা হৈছিল বুলি জানিব দিয়ে ৷ বিদ্যালয় পৰিচালনা সমিতি(School Management Committee) আৰু স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি স্কুলখনৰ সীমাতে থকা অজয় টেৰণ নামৰ লোকজনে ৰাইজৰ কথা আওকাণ কৰি এটা বাট জেচিবিৰে খনন কৰে ৷ যাৰফলত এটা খাৱৈ সদৃশ পৰিৱেশত উলমি আছে বিদ্যালয়খন ।

অৱশেষত ৰাইজৰ হেচাঁত খনন কাৰ্য সাময়িকভাৱে বন্ধ হৈছে যদিও দুই পক্ষই বিবাদ নিষ্পত্তিৰ বাবে কাষ চাপিব আইনৰ ওচৰত । আনহাতে ইয়াকে লৈ বিদ্যালয়ৰ সীমাত মাটি খনন বন্ধ কৰিব বুলি বিদ্যালয় কৰ্তৃপক্ষৰ লগত অজয় টেৰণৰ এক লিখিত বুজাবুজি হৈছিল বুলি কয় বিদ্যালয় পৰিচালনা সমিতি(School Management Committee)য়ে বুজাবুজি পত্ৰখন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : কাগজ কল নিলাম: মুকালমুৱাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details