ধনশিৰি, 25 জানুৱাৰীঃ ডিফু গ্ৰাম্য পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত "ধনশিৰি পাইপ ৱাটাৰ ছাপ্লাই স্কীম"ৰ যোগেদি এলেকাটোৰ ৰাইজে খাইছে দুৰ্গন্ধময়, শেলুৱৈ যুক্ত আৰু ঘোলা পানী ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ৷ যি সময়ত ৰাজ্য চৰকাৰৰ বিয়াগোমজনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ কথা ডাক-ঢোল বজাই প্ৰচাৰকৰি আহিছে সেই সময়ত ধনশিৰি বজাৰৰ পানী যোগান আঁচনিটোৱে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাত সচেতন মহল শংকিত হৈ পৰিছে ৷
ডিফুত বিশুদ্ধ খোৱাপানীৰ নামত দুৰ্গন্ধময়, শেলুৱৈ যুক্ত আৰু ঘোলা পানী! - diphu water supply
ধনশিৰি পানী যোগান আঁচনিৰ যোগেদি ৰাইজে খাইছে লেতেৰা পানী ৷ "ধনশিৰি পাইপ ৱাটাৰ ছাপ্লাই স্কীম"ৰ যোগেদি এলেকাটোৰ ৰাইজে খাইছে দুৰ্গন্ধময়, শেলুৱৈ যুক্ত আৰু ঘোলা পানী ৷

পানী যোগান আঁচনিটো পৰিদৰ্শন কালত পানীৰ ফিল্টাৰ আৰু সঞ্চয় কক্ষবোৰ লেতেৰা আবৰ্জনাময়, শেলুৱৈযুক্ত আৰু ঘোলা পানী নিৰ্গত হোৱা আৰু কেইবাঠাইত পানী সৰবৰাহী পাইপ ফুটাৰ দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰে ৷ এই সন্দৰ্ভত পানী যোগান আঁচনিটোত স্থায়ীভাবে কৰ্মৰত কৰ্মচাৰী নন্দলাল দাসক সাক্ষাৎ কৰাত কয়, তেওঁৰ লগতে থকা খগেন কলিতা, ৰাজীৱ সৰকাৰ আৰু নিৰেণ নামৰ লোক চাৰিজন কৰ্মৰত যদিও খগেন কলিতা প্ৰায় নাহে বুলি মন্তব্য কৰে ৷ কৰ্মচাৰী কেইজনে উচ্চমানৰ দৰমহা লাভ কৰাৰ পিছতো পানীযোগান আঁচনিটোৰ অস্বাস্থ্যকৰ অৱস্থাটোত বিভাগটোৰ শীৰ্ষ বিষয়া সকলে কিয় নেদেখা কুলিৰ ভাও জুৰিছে সেয়া তাৎপৰ্যৰ বিষয় ৷ আনহাতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই এই লৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব৷
আৰু পঢ়কঃ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস !