অসম

assam

ডিফুত ৫০ উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি নাবালিকা

By

Published : Jun 24, 2021, 10:25 PM IST

ডিফু আৰক্ষীৰ জালত ৫০ উৰ্ধৰ ধৰ্ষণ অভিযুক্ত । ধৃত আইনুল হক নামৰ লোকজনে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

Diphu rape case
ডিফুত ৫০ উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি নাবালিকা

ডিফু, ২৪ জুন :পুনৰ অসমত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । পঞ্চাছৰ উৰ্ধৰ এগৰাকী ব্যক্তিৰ কামনাৰ বলি এগৰাকী নাবালিকা । ৰাজ্যজুৰি এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া । নাবালিকা ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিলেও অপৰাধীয়ে অনায়াসে সংঘটিত কৰিছে এনে দুস্কাৰ্য ৷

শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিংফুতো সংঘটিত হৈছে নাবালিকা শিশু ধৰ্ষণৰ ঘটনা ৷ বুধবাৰে নিশা এজন লম্পট ধৰ্ষণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতহে পোহৰলৈ আহিছে শিশু ধৰ্ষণৰ এই লজ্জাজনক বিষয় ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে যোৱা ১৯ জুনৰ পুৱাৰ ভাগত ডিফুৰ ধৰমনালাৰ ওচমান কলনিস্থিত মৃত ৰজৱ আলীৰ পুত্ৰ ৫৫ বছৰীয়া আইনুল হককে এগৰাকী ছয়বছৰীয়া ছোৱালীক মাতি আনি এখন ঘৰত অসৎ কাৰ্যত লিপ্ত হয় ৷

এই সন্দৰ্ভত ধৰ্ষিতা শিশুটিৰ পিতৃ-মাতৃৰ এজাহাৰৰ(FIR) ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ(IPC) ধাৰা ৩৭৬ আৰু পকচ' আইনৰ (pocso act) আৰ/ডব্লিউ ধাৰা ৬ (R/W 6)ৰ মতে ডিফু থানাত ১৫৮/২০২১ নম্বৰত এক গোচৰ ৰুজু হয় আৰু তদন্তৰ দায়িত্ব সহকাৰী উপ পৰিদৰ্শক ক্ষেমা ছেত্ৰীক অৰ্পণ কৰে ৷ সেই মৰ্মে ডিফু নগৰ আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক আবুল ফাৰুকে বিশেষ তৎপৰতাৰে অভিযুক্ত আইনুল হকক মৰিগাঁও জিলাৰ ভুৰাগাঁও থানা এলেকাৰ শোণিতপুৰ জিলাৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰৰ ভড়ালী গাঁৱৰ পৰা বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযুক্তজনক ধৰিবলৈ আৰক্ষীয়ে তিনিদিনলৈ ম'বাইল ফোন ট্ৰেকিং(Mobile Tracking) পদ্ধতি ব্যৱহাৰ কৰিছিল ৷

অতি চতুৰ আইনুল হকে ২-৩ ঘণ্টাৰ মূৰে মূৰে স্থান সলাই ফুৰাৰ বাবে বিচাৰি উলিয়াবলৈ আৰক্ষীৰ অসুবিধা হৈছিল বুলি জানিব পৰা গৈছে ৷ উক্ত তিনিদিনৰ ভিতৰত আইনুল হকে আৰক্ষীক বিভ্ৰান্ত কৰি নগাঁও জিলাৰ দগাঁও, শছামধৰা, ভড়ালীমাৰী, পুঠিমাৰী, দক্ষিণ কলাডুবা জেঙনি আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰিঘাট, তাপতলা ভূৰাগাঁও আদিত স্থান সলনি কৰি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত আইনুলক গ্ৰেপ্তাৰ কৰি যাৱতীয় তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:আৰক্ষীৰ জালত বৰপেটা ট্ৰাক হাইজেকৰ দুই অভিযুক্ত

ABOUT THE AUTHOR

...view details