ডিফু, 8 ফেব্ৰুৱাৰী : মঙলবাৰে ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী(Drugs seized in Diphu) ৷ লগতে আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ এই ঘটনাক কেন্দ্ৰ কৰি সদৰ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
জানিব পৰা মতে, বিগত কেইবামাহ ধৰি কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক চলাই অহিছিল অভিযান ৷ এই অভিযান কালত অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন ঠাইৰ পৰা বহু কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছিল কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী ৷ বৰ্তমানো অসম আৰক্ষীয়ে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলাই আছে অভিযান ৷
ইফালে ড্ৰাগছ সৰবৰাহকাৰীয়েও ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে অৱলম্বন কৰিছে বিভিন্ন পন্থা (Drugs smuggling in Karbi Anglong) ৷
ডিফুত জব্দ ব্ৰাউন চুগাৰ; আটক 2 এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী সকলে অসম-নাগালেণ্ড সীমান্তৰ উক্ত পথ বৰ্জন কৰি ধনশিৰি-ডিফু পথেৰে ড্ৰাগছ সৰবৰাহ কৰাৰ নিৰাপদ পথ বা বাছি লৈছে ৷ এক গোপন সূত্ৰৰ পমখেদি মঙলবাৰে বিয়লি ডিফু ধনশিৰি পথৰ পানবাৰী মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত চলোৱা হৈছিল এক বিশেষ নাকা তালাচী ৷ এই তালাচীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধনশিৰিৰ পৰা ডিফু অভিমুখী এএছ ০৯ এ চি ৭ ৯৪৫ নম্বৰৰ যাত্ৰীবাহী এখন অট'ৰিক্সাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি ৷ লগতে আৰক্ষীয়ে আনক কৰিবলৈ সক্ষম হয় এজন পুৰুষ আৰু এগৰাকী মহিলা সৰবৰাহকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ১৫ টা চাবোনৰ বাকচত বুজন পৰিমাণৰ ব্ৰউন চুগাৰ ৷
জানিব পৰা মতে, জব্দকৃত প্ৰায় ১৯৪ গ্ৰাম ব্ৰউন চুগাৰখিনিখিনি ধনশিৰি পাৰৰ পৰা হওৰাঘাটলৈ নি থকা হৈছিল ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জব্দকৃত ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৪ লাখ টকা ৷ আটকাধীন দুই সৰবৰাহকাৰীকেইটাৰ নাম ক্ৰমে, কৰিমগঞ্জ টিলা বাজাৰৰ বাতাৰাসী ৱাৰ্ড নং ১ৰ আব্দুচ চালাম (৪৪) আৰু মহিলা গৰাকী হোজাই ইছলাম নগৰৰ আব্দুল হকৰ পত্নী জ্যোৎসনাৰা বেগম বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Ganja seized : বঙাইগাঁৱৰ লেংটিছিঙাত গাঞ্জা জব্দ