ডিফু, ২৫ জুলাই : বিজেপিৰ অবিচি মৰ্চাৰ পৰা বহিষ্কৃত হোৱা উপ-সভাপতি লাচিত গগৈ আৰু টাই আহোম ছাত্ৰ সন্থাৰ পৰা বহিষ্কৃত সভাপতি মিলন বুঢ়াগোহাঁইৰ মাজত চুপাৰি ছিণ্ডিকেট চলোৱাক লৈ ধনৰ লেনদেনক লৈ হোৱা অডিঅ’ বাৰ্তালাপ ভাইৰেল হোৱাৰ পাচতেই চুপাৰি ছিণ্ডিকেটৰ সৈতে নাম সাঙোৰ খাই পৰিছে বহু ৰৌ-বৰালিৰ ৷ আটাছুৰ নেতা মিলন বুঢ়াগোহাঁই আৰু বিজেপিৰ অবিচি মৰ্চাৰ নেতা লাচিত গগৈৰ মাজৰ ভাইৰেল হোৱা বাৰ্তালাপত লাচিত গগৈয়ে আটাছুৰ নেতা মিলন বুঢ়াগোহাঁইক ধন প্ৰদানৰ উল্লেখ আৰু লাচিত গগৈয়ে প্ৰদান কৰা ধনৰ পৰা ১২ লাখ ৫০ হাজাৰ টকা কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু ২ লাখ টকা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক দিয়াৰ কথা উল্লেখ আছিল । ইয়াৰ পাচতেই কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ডিফু থানাত এক গোচৰ ৰুজু কৰে আৰু এই গোচৰৰ ভিত্তিত লাচিত গগৈক কাৰ্বি আংলং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনে আৰু দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ।
আনহাতে, যদিও এই ঘটনাৰে নাম সাঙোৰ খাই পৰিছে আন কেইবাগৰাকী ব্যক্তিৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই ব্যক্তি কেইগৰাকীৰ নাম ৷ ইয়াৰোপৰি অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাসৰো নাম সাঙুৰ খাই পৰিছে এই বিতৰ্কত ৷ ইপিনে, আৰক্ষীয়ে আজি জাননী জাৰি কৰি আটাছুৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈক ডিফু থানালৈ তলব কৰি আনে আৰু গগৈক ডিফু থানাত ৬ ঘণ্টা ধৰি মাৰাথন জেৰাৰ অন্তত যাবলৈ দিয়ে আৰক্ষীয়ে । আনহাতে, চুপাৰি ছিণ্ডিকেটক সহায় কৰাৰ অভিযোগত অভিযুক্ত বোকাজানৰ দুই সাংবাদিকক আৰক্ষীয়ে জাননী জাৰি কৰি ডিফু থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও দুয়োগৰাকী সাংবাদিক হাজিৰ নহ’ল বুলি জানিব পৰা গৈছে ৷