ডিফু, ২১ আগষ্ট: শুকুৰবাৰে পুৱা ডিফু চহৰৰ অন্তৰ্গত বকলীয়াঘাট আৰক্ষীয়ে অভিযান চলায় হাতে লোটে আটক কৰিবলৈ সক্ষম হয় এজন অভিযুক্ত চোৰক । আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় 5 বজাত বকলীয়াঘাট বজাৰত থকা এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ দুৱাৰ ভাঙি চোৰৰ দলটো প্ৰৱেশ কৰাৰ সময়তে উক্ত স্থানত উপস্থিত হোৱা তহলদাৰী আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত দলটোৰ এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।
বকলীয়াঘাট আৰক্ষীৰ অভিযানত আটক চোৰ - ডিফু চহৰৰ অন্তৰ্গত বকলীয়াঘাট
ধৃত চোৰটো বকলীয়াঘাট বাঁহনি আদৰ্শৰ গৌতম টকবি (২১) বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে নিশা চোৰৰ দলটোৱে বকলীয়াঘাট বজাৰৰ তিনিখন দোকানটো চুৰিকাণ্ড সংঘটিত কৰে । বকলীয়াঘাট আৰক্ষীয়ে এই সন্দৰ্ভত ২৫/২০২০ নম্বৰত গোচৰ পঞ্জীয়ণ কৰাৰ লগতে, এলেকাটোৰ কেইবাজনো সন্দেহজনক যুৱকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ।

বকলীয়াঘাট আৰক্ষীৰ অভিযানত আটক চোৰ
বকলীয়াঘাট আৰক্ষীৰ অভিযানত আটক চোৰ
লগতে পঢ়কঃঅৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক
ধৃত চোৰটো বকলীয়াঘাটৰ বাঁহনি আদৰ্শৰ গৌতম টকবি (২১) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । বৃহস্পতিবাৰে নিশা চোৰৰ দলটোৱে বকলীয়াঘাট বজাৰৰ তিনিখন দোকানটো চুৰিকাণ্ড সংঘটিত কৰে । বকলীয়াঘাট আৰক্ষীয়ে এই সন্দৰ্ভত ২৫/২০২০ নম্বৰত গোচৰ পঞ্জীয়ণ কৰাৰ লগতে এলেকাটোৰ কেইবাজনো সন্দেহজনক যুৱকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ।