ডিফু, 18 মেঃ পবিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি ডিফু জিলা কাৰাগাৰত ইফতাৰৰ সামগ্ৰী বিতৰণ কৰে ডিফু মুছলিম সমাজে ৷ কাৰাগাৰত বন্দী হৈ থকা মুছলমান লোকসকলৰ মাজত এইদৰে ইফটাৰৰ খাদ্য সামগ্ৰী বিতৰণ কৰে ডিফু মুছলিম সমাজে ৷
ৰমজানৰ সৈতে সংগতি ৰাখি ইফতাৰ বিতৰণ ডিফু জিলা কাৰাগাৰত - Diphu Jail
ডিফু মুছলিম সমাজৰ উদ্যোগত জিলা কাৰাগাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক বসুমতাৰীৰ তৎপৰতাত বিতৰণ কৰে সামগ্ৰীসমূহ ৷
ৰমজানৰ ৰোজাৰ ইফতাৰ আয়োজন
মুছলিম সমাজৰ হৈ কাৰাগাৰটোলৈ যোৱা দলটোৱে কয়দীসকলৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু ফল-মূল,জহা চাউল,কুকুৰা,আমোল তাজা,বুটমাহ,খেজুৰ,চেনি আৰু নেমু বিতৰণ কৰে ৷ জিলা কাৰাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক বসুমতাৰীৰ তৎপৰতাত বিতৰণ কৰে সামগ্ৰীসমূহ ৷