অসম

assam

ETV Bharat / state

ডিফু নদীত আৱৰ্জনা পেলোৱা 5 খনকৈ দোকানত তলা ডিফু পৌৰ নিগমৰ

এক অভিলাষী আঁচনিৰ জৰিয়তে ডিফু চহৰক অনন্য মাত্ৰা প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে ডিফু পৌৰ নিগমে ৷ কিন্তু একাংশ ব্যৱসায়ীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে আৱৰ্জনা পেলোৱা কাম ৷ যাৰ বাবে ডিফু পৌৰ নিগমে চলোৱা এক অভিযানত আজি ডিফুৰ 5 খনকৈ দোকানত লগালে তলা ৷

ডিফু পৌৰ নিগম
ডিফু পৌৰ নিগম

By

Published : Feb 24, 2020, 11:28 PM IST

ডিফু, 24 ফেব্ৰুৱাৰীঃনদীৰ আৱৰ্জনা নিষ্কাশন কৰি ডিফু নদীৰ সৌন্দৰ্যবৰ্ধনৰ এক অভিলাষী আঁচনিৰ জৰিয়তে ডিফু চহৰক, অনন্য মাত্ৰা প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে ডিফু পৌৰ নিগমে ৷ পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ'সহ ৱাৰ্ড কমিছনাৰ আৰু অভিযন্তা, কৰ্মচাৰীয়ে নিজেই ডিফু নদীত নামিও পৰিস্কাৰ কৰিছে আৱৰ্জনা ৷

5 খনকৈ দোকানত তলা ডিফু পৌৰ নিগমৰ

কিন্তু একাংশ ব্যৱসায়ীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে আৱৰ্জনা পেলোৱা কাম ৷ তাৰ পৰিপ্ৰেক্ষিতত ডিফু আজি ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ'সহ ৱাৰ্ড কমিচনাৰ, অভিযন্তা কৰ্মচাৰীসকলে ডিফু চহৰত এক অভিযান চলাই, ডিফু নদীত আৱৰ্জনা পেলোৱা ৫ খন দৰ্জীৰ দোকানত তলা ওলোমায় ৷ ইয়াৰ পিচতে অধ্যক্ষ গৰাকীয়ে ডিফু চহৰৰ পাৱাৰ হাউছৰ বজাৰলৈ গৈ, মাছ-মাংস বিক্ৰেতা সকলকো ডিফু নদীত আৱৰ্জনা নেপেলাবলৈ সতৰ্কবাণী প্ৰদান কৰি এই নিয়ম অমান্য কৰা সকলে 10 হাজাৰ টকালৈকে জৰিমনা বিহিব লাগিব বুলি জনায় ৷

লগতে পঢ়কঃচিৰাঙত চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details