ডিফু, ৪ নৱেম্বৰঃ কাজিৰ ৰংহাঙপী মেম'ৰিয়েল টেলেণ্ট হাণ্ট ছ'চাইটিৰ উদ্যোগত দেওবাৰে নিশা ডিফু আৰবৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰত ৪ৰ্থ মিছ কাৰ্বি আংলং প্ৰতিযোগিতা ২০১৯ অনুষ্ঠিত হৈ যায় ৷ আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত প্ৰতিযোগিতাৰ শীৰ্ষ বিজয়ীৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বৰ্গীয়া মাতৃ বাছাপী টেৰণপী সোঁৱৰণী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ছামি নিৰ্মলা টেৰণপীয়ে ৷ লগতে বিজেতা খিতাপ লাভ কৰে দ্বৈতভাবে অৰ্চনা হাঞ্চেপী আৰু অনিকা টেৰণপীয়ে ৷ ইয়াৰোপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফটোজেনিক আৰু শ্ৰেষ্ঠ সাজসজ্জা কাজীৰবন ৰংহাঙপীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷ ৪ৰ্থ মিছ কাৰ্বি আংলঙৰ শুভ উদ্ধোধন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপীয়ে ৷
কাৰ শিৰত মিছ কাৰ্বি আংলং খিতাপ! - ৪ৰ্থ মিছ কাৰ্বি আংলং প্ৰতিযোগিতা ২০১৯
আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত প্ৰতিযোগিতাৰ শীৰ্ষ বিজয়ীৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বৰ্গীয়া মাতৃ বাছাপী টেৰণপী সোঁৱৰণী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ছামি নিৰ্মলা টেৰণপীয়ে
কাৰ শিৰত মিছ কাৰ্বি আংলং খিতাপ!
আনহাতে, প্ৰতিযোগিতা খনৰ মুখ্য বিচাৰকৰ ভূমিকা পালন কৰে মিছ গ্লেমাৰ ইণ্ডিয়া আৰু মিছ ৰেইন ব' ছাউথ আফ্ৰিকাৰ খিতাপ বিজয়ী মেঘালয় তুৰা জিলাৰ মিছ মাৰ্চি চাংমাই ৷