ডিফু, ১৭ ফেব্ৰুৱাৰী: ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ তাৰালাংছৰ বাকৰিত এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে কাৰ্বি আংলং জিলাৰ ডিফু কাৰাগাৰত বন্দীত্বৰ জীৱন যাপন কৰা কয়দী সকলৰ দ্বাৰা হস্তনিৰ্মিত কেতবোৰ বাঁহ-বেতৰ সামগ্ৰী প্ৰদৰ্শন কৰা হয়৷ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ স্থায়ী প্ৰদৰ্শনী গৃহত ডিফু কাৰাগাৰৰ কাৰাবন্দী সকলে নিজ হাতেৰে নিখুত,মসৃণ আৰু সুন্দৰভাবে সাজি উলিওৱা বাঁহ -বেতৰ সামগ্ৰী সমূহে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷
জানিব পৰা মতে অলপতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত ডিফু কাৰাগাৰত জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই প্ৰদান কৰা এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দী সকলক হস্তশিল্পৰ দক্ষতামূলক প্ৰশিক্ষণ প্ৰদান কৰি কয়দী সকলৰ নিজ হাতেৰেই বিভিন্ন সামগ্ৰী সাজি উলিওৱাৰ কাম সম্পন্ন কৰা হয়৷ জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাজেন লাংগাছুৱে জনোৱা অনুসৰি 'মেক ইন ইণ্ডিয়া'আৰু অসম চৰকাৰ 'বেম্ব মিছন'ৰ আঁত ধৰি জিলা উদ্যোগ আৰু বাণিজ্য বিভাগে পূৱ আৰু পশ্চিম কাৰ্বি আংলঙত বিভিন্ন আঁচনিৰ জৰিয়তে বেম্ব মিচনত গুৰুত্ব প্ৰদান কৰি আহিছে ৷