অসম

assam

Diphu jail escaped prisoner arrested: ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক

By

Published : Aug 5, 2022, 7:46 AM IST

ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক কৰিছে আৰক্ষীয়ে ৷ 2 আগষ্টৰ নিশা কাৰ্বি আংলং জিলাৰ ডিফুৰ ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল তিনিটাকৈ কাৰাবন্দী(Prisoners escape from Diphu jail) ৷ আইনুল আলী নামৰ পলাতক কাৰাবন্দীটোক বৃহস্পতিবাৰে ডিফু আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে আন দুটা কাৰাবন্দী ৷

Etv Bharatdiphu-jail-escaped-prisoner-arrested-search-for-two-continuous
Etv Bharat ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক

ডিফু, 5 আগষ্ট:2 আগষ্টৰ নিশা কাৰ্বি আংলং জিলাৰ ডিফুৰ ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল তিনিটাকৈ কাৰাবন্দী (Prisoners escape from Diphu jail) ৷ কাৰাগাৰ চৌহদৰ পৰা কাৰাবন্দী পলায়ন কৰা এই ঘটনাৰ পাছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে পলাতক তিনি কাৰাবন্দীৰ সন্ধানত জিলাখনৰ আৰক্ষীয়ে বিভিন্ন স্থানত আৰম্ভ কৰিছে অভিযান ৷ বিশেষ চোৰাংচোৱা নিয়োগ কৰি চলোৱা এই অভিযানত আৰক্ষীয়ে এটা কাৰাবন্দীক আটক কৰিবলৈ সক্ষম হৈছে (Diphu jail escaped prisoner arrested) ৷

আইনুল আলী নামৰ পলাতক কাৰাবন্দীটোক বৃহস্পতিবাৰে ডিফু আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে আন দুটা কাৰাবন্দী ৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পদুম পুখুৰী অঞ্চলৰ পৰা অভিযান চলাই আটক কৰিছে আইনুল নামৰ পলাতক কাৰাবন্দীটোক ৷ আনহাতে পলাতক হৈ থকা আন দুটা কাৰাবন্দীৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে অভিযান ৷

ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক

উল্লেখ্য, জিলা কাৰাগাৰখনত থকা পাঁচটা কাৰাবন্দীৰ ক'ভিড পজিটিভ হোৱাৰ বাবে কাৰাগাৰৰে এক আছুতীয়া কোঠাত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ৷ আছুতীয়া কোঠাত ৰখাৰ সুযোগ গ্ৰহণ কৰি 2 আগষ্টৰ নিশা কোঠাটোৰ খিৰিকীৰ গ্ৰীল ভাঙি তিনিটাকৈ কাৰাবন্দী পলাই গৈছিল ৷

পলায়ন কৰা কাৰাবন্দীকেইটাৰ মাজৰ ইদ্দিছ আলী আৰু আইনুল আলী এনডিপিএছ গোচৰত জড়িত ৷ বোকাজানৰ আজমেৰ আলী নামৰ আনটো কাৰাবন্দী চুৰিৰ গোচৰত জড়িত আচামী বুলি জানিব পৰা গৈছে ৷ ইফালে জেল চৌহদৰ ওখ পকী বেৰ পাৰ হৈ কাৰাবন্দীকেইটাই কেনেদৰে পলায়ন কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৷

লগতে পঢ়ক:Prisoners escape from Diphu jail: ডিফু কাৰাগাৰৰ পৰা তিনি কাৰাবন্দীৰ পলায়ন

ABOUT THE AUTHOR

...view details