অসম

assam

ETV Bharat / state

ধৰ্ষণকাৰীৰ বিৰুদ্ধে ডিফু ন্যায়িক আদালতৰ ক্ষীপ্ৰ ৰায়দান: ধৰ্ষণকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড - ধৰ্ষণকাৰীৰ বিৰুদ্ধে ডিফু ন্যায়িক আদালতৰ ক্ষীপ্ৰ ৰায়দান

ধৰ্ষণ গোচৰৰ ক্ষীপ্ৰ শুনানী ডিফু ন্যায়িক আদালতৰ ৷ ঘটনাৰ ডেৰ বছৰৰ ভিতৰতে ভুক্তভোগী যুৱতীক ন্যায় আদালতৰ ৷ অভিযুক্তক দহ বছৰক সশ্ৰম কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা আদালতৰ ৷

DIPHU COURT GIVE 10 YEARS IMPRISONMENT TO RAPPED ACCUSED
ধৰ্ষণকাৰীৰ বিৰুদ্ধে ডিফু ন্যায়িক আদালতৰ ক্ষীপ্ৰ ৰায়দান

By

Published : Jun 22, 2022, 5:56 PM IST

ডিফু, ২২ জুন:ডিফু ন্যায়িক আদালতে এক ধৰ্ষণ গোচৰৰ ক্ষীপ্ৰতাৰে শুনানী গ্ৰহণ কৰি ধৰ্ষণকাৰীক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ৷ ডিফু ন্যায়িক আদালতৰ(Diphu Judicial Court, Karbi Anglong) সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহ উল হাছান আনছাৰীয়ে মঙলবাৰে গ্ৰহণ কৰে উক্ত ৰায়দান ৷ ডিফু আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ২০২১ চনৰ ৩০ এপ্ৰিলত বোকাজান থানা এলেকাৰ ২নং ডিলাউজানত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড ৷

অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱ

ঘটনাৰ বিৱৰণী অনুসৰি, বোকাজান থানা এলেকাৰ ২নং ডিলাউজানৰ বাসিন্দা তথা চিআৰপিএফত কৰ্মৰত ইলিয়া বান্দাই তেওঁৰ প্ৰতিবেশী এগৰাকী যুৱতী, তেওঁৰ ভতিজাক লগতে নিজ কিশোৰী কন্যাক লগত লৈ গাড়ীৰে সৰুপথাৰত আত্মীয়ৰ ঘৰত আলহী খাবলৈ যায় ৷ তাৰ পৰা সন্ধিয়া উভতি অহাৰ পথত ১ নং ডিলাউজানত ৰাস্তাৰ কাষত গাড়ী ৰখাই চালকক মাংস আনিবলৈ পঠিয়াই দিয়ে আৰু গাড়ীত উচ্চস্বৰত মিউজিক বজাই বাহিৰত মদ্যপান কৰিবলৈ ধৰে ৷

সেই সময়ত ভুক্তভোগী ছোৱালীজনীৰ ঘৰৰ পৰা ফোন অহাত তাই বাহিৰলৈ ওলাই ঘৰত ফোন কৰিবলৈ ধৰে ৷ অভিযুক্ত ইলিয়া বান্দাই ভুক্তভোগীক ফোন কৰাত বাধা দিয়ে আৰু ধৰ্ষণ কৰে(Rape Case in Karbi Anglong) ৷ পিছত অভিযুক্তই ভুক্তভোগী ধৰ্ষিতাক ঘৰত আনি থৈ যায় ৷ ভুক্তভোগীয়ে লাজ আৰু অপমানত পৰিয়ালৰ লোকক একো নোকোৱাকৈ থাকে আৰু দুদিনমান পিছত ফেনাইল পান কৰি আত্মহননৰ চেষ্টা কৰে ৷ পিছত ভুক্তভোগীক বোকাজান সমূহীয়া চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলাত ধৰ্ষিতাই ন্যায় বিচাৰে ৷ এই লৈ পৰিয়ালৰ লোকে বোকাজান থানাত এক এজাহাৰ দাখিল কৰে ৷

ধৰ্ষণকাৰীৰ বিৰুদ্ধে ডিফু ন্যায়িক আদালতৰ ক্ষীপ্ৰ ৰায়দান

উক্ত গোচৰৰ ভিত্তিত ডিফু সত্ৰ ন্যায়াধীশৰ আদালতলৈ বিচাৰ প্ৰক্ৰিয়াৰ বাবে হস্তান্তৰ হয় ৷ উক্ত গোচৰৰ এবছৰৰ পিছত অতি কম সময়ৰ ভিতৰত ডিফু ন্যায়িক আদালতৰ সহকাৰী সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে উক্ত গোচৰৰ ৰায়দান কৰে ৷ আদালতে অভিযুক্ত ইলিয়া বান্দাক দহ বছৰক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে আৰু দহ হাজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত দুমাহৰ কাৰাবাস খাটিব লাগিব বুলি অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে জানিবলৈ দিছে ৷

লগতে পঢ়ক :ভগ্নীৰ বান্ধৱীক ধৰ্ষণৰ অপৰাধত হায়দৰাবাদত আটক ২৩ বছৰীয়া যুৱকক

ABOUT THE AUTHOR

...view details