অসম

assam

ETV Bharat / state

১.৪৫ কোটি টকাৰ ঘাটি বাজেট দাখিলেৰে আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধিৱেশন - ১.৪৫ কোটি টকাৰ ঘাটি বাজেট

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৩৬ সংখ্যক অধিৱেশন ৷ অধিৱেশনত বিত্ত বিভাগৰ দায়িত্বত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২০২০-২১ বৰ্ষৰ বাবে ১,৭২১.৪৫ লাখ টকাৰ ঘাটি বাজেট দাখিল কৰে ৷

১.৪৫ কোটি টকাৰ ঘাটি বাজেট দাখিলেৰে আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধিৱেশন
১.৪৫ কোটি টকাৰ ঘাটি বাজেট দাখিলেৰে আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধিৱেশন

By

Published : Mar 6, 2020, 11:38 PM IST

ডিফু,6 মাৰ্চঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত শুকুৰবাৰৰ পৰা পৰিষদৰ ২৩৬ সংখ্যক অধিৱেশন আৰম্ভ হৈছে ৷ পৰিষদৰ অধ্যক্ষ লংকি তিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অধিৱেশনখন ৷ অধিৱেশনৰ বিত্ত বিভাগৰ দায়িত্বত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২০২০-২১ বৰ্ষৰ বাবে ১,৭২১.৪৫ লাখ টকাৰ ঘাটি বাজেট দাখিল কৰি সদস্যসকলৰ পৰামৰ্শ আৰু অনুমোদনৰ অনুৰোধ জনায় ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে নতুন বিত্তীয় বৰ্ষত প্ৰথমবাৰৰ বাবে পৰিষদৰ প্ৰাক্তন সদস্যসকলৰ পেঞ্চনৰ বাবদ ১ কোটি ৫০ লাখ, কাৰ্বি ভাষাৰ অধ্যয়ন কেন্দ্ৰৰ বাবে ১০ লাখ, কলা আৰু সংস্কৃতিৰ বাবে ৫০ লাখ, কাৰ্বি ভাষা উত্তৰণৰ বাবে ২০ লাখ, চিকিৎসা আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে পুঁজি ধাৰ্য কৰা হৈছে বুলি সদনত অৱগত কৰে ৷ লগতে হামৰেণ ৰংহাং ৰংবঙৰ পৰা কাৰ্বি ৰজাৰ অহা-যোৱাৰ অন্তৰায় দূৰ কৰাৰ বাবে বাজেটত ১০লাখ টকা আৰু ইন্ধনৰ বাবদ ৩ লাখ টকা ধাৰ্য কৰা হৈছে বুলিয়ো সদনক অৱগত কৰে ৷

ঘাটি বাজেট দাখিল অধিৱেশনত

পূৰ্বে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে হাডক’ৰ তিনিটা বিশেষ প্ৰকল্পৰ সংক্ৰান্তত অনুমোদন লাভ কৰিবলৈ সদনত এক প্ৰতিবেদন দাখিল কৰে ৷ সদ্য প্ৰয়াত প্ৰাক্তন সদস্য ছাৰছিং তিমুঙৰ আত্মাৰ সদগতি লাভৰ বাবে সদনত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

লগতে চাওকঃবিধান সভাত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট

ABOUT THE AUTHOR

...view details