ডিফু,৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চিক লৈ সমগ্ৰ উত্তৰ পূবেই ঐক্যবদ্ধ হৈ পৰিছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজ ঘৰৰ পৰা হেলিকপ্তাৰলৈ পলায়ন কৰিব লগীয়া হৈছে ৷ সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়ক ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিটযুক্ত এলেকাত কাৰ্যকৰী নহ'ব বুলি চৰকাৰে এক প্ৰকাৰ প্ৰচাৰ চলাইছে ৷ এনে নীতিৰে প্ৰকৃততে শেহতীয়াকৈ উত্তৰ-পূৱত সৃষ্টি হোৱা কেব বিৰোধী আন্দোলনকাৰী শক্তিসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰি নিশকতীয়া কৰাৰ চেষ্টা চলাইছে ৷ এই অভিযোগ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ৷ মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত ডিফুত এক সংবাদ মেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছে ৷ সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ উপ সভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদক সুৰেণ ছিংনাৰ আৰু ডা: মংবে ৰংপিয়ে শাসকীয় বিজেপি চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷
কেব বিৰোধী শক্তিক চৰকাৰে নিশকতীয়া কৰাৰ চেষ্টা চলাইছে - কেব আৰু এন আৰ চি সন্দৰ্ভত ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
কেব আৰু এন আৰ চি সন্দৰ্ভত ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল ৷ সংবাদমেলত উপস্থিত থাকে জিলা কংগ্ৰেছৰ উপ সভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদক সুৰেণ ছিংনাৰ লগতে ডা: মংবে ৰংপি ৷
ইফালে, ডিফু চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ হৈ যোৱা নিযুক্তি প্ৰক্ৰিয়াই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি নেতৃবৰ্গই কয় যে, মহাবিদ্যালয়খনত নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ থলুৱা প্ৰাৰ্থীতকৈ বাহিৰা প্ৰাৰ্থীকহে অধিক গুৰুত্ব প্ৰদান কৰা হ'ল ৷
আনহাতে, কাৰ্বিআংলং জিলাত শেহতীয়াকৈ চৰকাৰৰ ইউনিফৰ্ম চিভিল ক'ডসন্দৰ্ভত বিভিন্ন দল সংগঠন সৰৱ হৈ থকা প্ৰসংগত কংগ্ৰেছৰ নেতা কেইগৰাকীয়ে এনে আইনে মেৰুকৰণৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰৰ মাজত থকা ঐক্যৰ বিনষ্ট কৰিব বুলি মন্তব্য কৰে ৷ লগতে ইয়াৰ ফল অতিকৈ মাৰাত্মক হ'ব বুলি আশংকা প্ৰকাশ কৰে ৷ চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰি যাব বুলি কয় ৷ লগতে অৰ্থনীতি,মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ প্ৰসংগক লৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে জিলা কংগ্ৰেছৰ নেতৃবৰ্গই ৷
লগতে চাওঁক:নতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক কলা পতাকা প্ৰদৰ্শন