অসম

assam

ETV Bharat / state

কাৰ্বি আংলং শ্ৰমিক সন্থাৰ উদ্যোগত ডিফু চহৰত দিনজোৰা কাৰ্যসূচীৰে চাফাই অভিযান - চাফাই অভযান

বুধবাৰে কাৰ্বি আংলঙৰ নৱগঠিত শ্ৰমিক সন্থাই সমগ্ৰ ডিফু চহৰখনত এক চাফাই অভিযান চলায় ৷ আগন্তুক গণতন্ত্ৰ দিৱসৰ প্ৰাক মূহুৰ্তত চহৰখনক পৰিষ্কাৰ তথা দৈনন্দিন জীৱনত মানুহে প্ৰদূষণৰ বাবে মুখামুখি হৈ অহা সমস্যা সমূহৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্য গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷

কাৰ্বি আংলং শ্ৰমিক সন্থা
কাৰ্বি আংলং শ্ৰমিক সন্থা

By

Published : Jan 22, 2020, 11:46 PM IST

ডিফু, 22 জানুৱাৰীঃআগন্তুক গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত নৱগঠিত কাৰ্বি আংলং শ্ৰমিক সন্থাই সমগ্ৰ ডিফু চহৰখনক উজলাই তুলিবলৈ আজি দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰিলে ৷ পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ ডিফু পৌৰ নিগম এলেকাৰ ৰাজহুৱা স্থানকে ধৰি, জাৱৰৰ দ'ম আদি পৰিষ্কাৰ কৰিবলৈ শ্ৰমিক সকলে হাতে হাতে ঝাড়ু লৈ নামিল চাফাই অভিযানত ৷ মানুহে দৈনন্দিন জীৱনত প্ৰদূষণৰ বাবে মুখামুখি হৈ অহা সমস্যা সমূহৰ পৰা মুক্তি দিয়াৰ লগতে আগন্তুক গণতন্ত্ৰ দিৱস উলহ-মালহেৰে পালন কৰাৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জনায় সন্থাটোৰ এগৰাকী সদস্যই ৷

দিনজোৰা কাৰ্যসূচীৰে চাফাই অভিযান ডিফুত

ABOUT THE AUTHOR

...view details