ডিফু,16 ডিচেম্বৰঃৰাজ্যজুৰি স্তিমিত হোৱা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ ৷ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ডিফুত গণ সত্যাগ্ৰহৰে প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ অংশ স্বৰূপে ১৬, ১৭,আৰু ১৮ ডিচেম্বৰত ছাত্ৰ সংগঠনটৰ আহ্বান মৰ্মে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কাৰ্বি আংলং আছুৰ উদ্যোগত আৰু জাতীয় দল সংগঠন লগতে ডিফুবাসী ৰাইজৰ সহযোগত গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ আৰম্ভ হৈছে ৷
ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কত বিশিষ্ট সাহিত্যিক,বুদ্ধিজিৱী জ্যেষ্ঠ সাংবাদিক,শিল্পী,ডিফুবাসী ৰাইজ আৰু আছুৰ শতাধিক সদস্যই সমবেত হৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে কয় যে,এই আইনৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যেই অসমৰ ৰাইজে মানি নলয় ৷