ডিফু ২৪ মে':ডিফুৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপিৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে ডিফু (অ:জ) লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা হৰেণ সিং বে'য়ে ৷
পূৱ আৰু পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতিৰ হৈ ৰতন টেৰণে সংবাদমেল সম্বোধন কৰি তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ উপৰিও ভাৰতৰ জনসাধাৰণে নিষ্ঠা, প্ৰগতি- উন্নতি, সু-শাসন আৰু সবকা চাথ সবকা বিকাশৰ সপক্ষে ৰায়দান কৰাৰ বাবে সহস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সফল নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড: হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, অসম প্ৰভাৰী ড: মহেন্দ্ৰ সিঙে বিচক্ষণতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত সফলতা লাভ কৰিব পাৰিছে বুলি কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতণ টেৰণে উল্লেখ কৰে ৷
বিজেপিৰ ছুনামিত কংগ্ৰেছ মুক্ত হ'ল অসমৰ তিনি পাৰ্বত্য জিলা ইপিনে বিজেপিৰ বিজয়ী প্ৰাৰ্থী হৰেণছিং বে'য়ে কয়, ভাৰতৰ জনসাধাৰণে জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সুৰক্ষিত আৰু বিকাশমুখী ভাৰত পাইছে ৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আদৰ্শ জনসাধাৰণে হৃদয়াংগম কৰি পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ এই বিজয়ে পথ প্ৰশস্ত কৰিলে ৷ লগতে সাংসদ হিচাপে তেওঁৰ প্ৰথম দায়িত্ব হ’ব জিলা তিনিখনৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমূহ সংসদৰ মজিয়াত দাঙি ধৰা বুলি উল্লেখ কৰে হৰেণছিং বে'ইয়ে ৷ লগতে কয় জিলা তিনিখনৰ দীৰ্ঘদিনীয়া দাবী সংবিধান প্ৰদত্ত দাবী ২৪৪( ক) ৰূপায়ণ আৰু ইউপিডিএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি এশ শতাংশ ৰূপায়ণ কৰিব বুলিও কয় ৷
লগতে চাওকঃ শাৰীৰিকভাৱে অক্ষম যুৱতীক ধৰ্ষণ : লম্পটক গ্ৰেপ্তাৰ
উল্লেখ্য যে, ২,৩৯,৬২৬ টা ভোটৰ বিশাল ব্যৱধানত বিজেপি প্ৰাৰ্থী হৰেণছিং বে'ৰ হাতত পৰাজয়বৰণ কৰে পূৰ্বৰ কংগ্ৰেছী সাংসদ বীৰেণছিং ইংতিয়ে ৷ বিজেপিৰ প্ৰাৰ্থী হৰেণছিং বে'ই লাভ কৰে মুঠ ৩,৮১,৩১৬ টা ভোট, কংগ্ৰেছৰ বীৰেণছিং ইংতিয়ে লাভ কৰে, ১,৪১,৬৯০ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ জে আই কাথাৰে লাভ কৰে মুঠ ৩৯,৫৮৩ টা ভোট, এএছডিচিৰ হলিৰাম তেৰাঙে লাভ কৰে ৩৬,৯১৫ টা ভোট ৷ ডিফু লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৯৫,৯৪৫ গৰাকী, ভোটদান হৈছিল ৬,০৯,৫৪১, নটা ভোট আছিল ৮১৯৪ টা, ভোট কৰ্তন হৈছিল ১২৩ টা ৷