অসম

assam

ETV Bharat / state

কাৰ্বি-ডিমাছা সকল অসমীয়া নহয়: হলিৰাম তেৰাঙ - পাৰ্বত্য জিলা কাৰ্বি-আংলং

অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত পাৰ্বত্য জিলাৰ আঞ্চলিক বিৰোধী দল এ এছ ডিচিয়ে স্পষ্ট কৰিলে নিজৰ স্থিতি ৷ ডিফুত সংবাদমেলযোগে সভাপতি হলিৰাম টেৰাঙে অসমীয়া নহলেও কাৰ্বি-ডিমাছা অসমৰ খিলঞ্জীয়া ৷

কাৰ্বি-ডিমাছা সকল অসমীয়া নহয়: হলিৰাম তেৰাঙ

By

Published : Nov 7, 2019, 12:36 PM IST

ডিফু, 7 নৱেম্বৰ: অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিলে পাৰ্বত্য জিলা কাৰ্বি-আংলং আৰু ডিমা হাচাওৰ প্ৰধান বিৰোধী দলএএছডিচিয়ে ৷ বুধবাৰে ডিফুত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি দলৰ হৈ স্থিতি স্পষ্ট কৰিলে সভাপতি হলিৰাম তেৰাঙে ৷ সংবাদমেলত অসমৰ চৰকাৰৰ ঘোষণা অনুসৰি উচ্চ পৰ্যায়ৰ সমিতিখনত অসমৰ সাংস্কৃতিক,সামাজিক,ভাষিক পৰিচয়,ঐতিহ্যৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কথা উল্লেখ কৰাৰ পাছতো তাত কাৰ্বি-ডিমাছাকে ধৰি আন আন পাৰ্বত্য জনজাতি অন্তৰ্ভুক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে হলিৰাম তেৰাঙে ৷ লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ ক্ষেত্ৰত অসমীয়াৰ লগতে পাৰ্বত্য জনজাতি সকলৰ সংৰক্ষণৰো দাবী কৰে দলটোৱে ৷

কাৰ্বি-ডিমাছা সকল অসমীয়া নহয়: হলিৰাম তেৰাঙ

সংবাদমেল যোগে হলিৰাম তেৰাঙে কয় যে পৰ্বতীয়া কাৰ্বি আৰু ডিমাছা কোনোকালে অসমীয়া নহয় তেওঁলোকৰ এক নিজস্ব জনগোষ্ঠীয় বৈশিষ্ট তথা ৰীতি নীতি আছে,যি অতীজৰে পৰা অসমত বসবাস কৰি আহিছে গতিকে এক ভিত্তিবৰ্ষৰ ভিত্তিত হোৱা খিলঞ্জীয়াৰ সংজ্ঞাৰ আওতাত কাৰ্বি আৰু ডিমাছাসকল নাহে ৷ এই সন্দৰ্ভত ইতিহাসৰ পৃষ্ঠা লুটিয়াই এএছডিচিৰ সভাপতি গৰাকীয়ে কয়, "অসম নামৰ ভূ-খণ্ডটো যেতিয়া আহোম ৰজাই শাসন কৰিছিল সেই আহোম ৰাজ্যৰ সীমাত কাৰ্বি আৰু ডিমাছা জাতি অধ্যুষিত অঞ্চলসমূহ অন্তৰ্ভুক্ত নাছিল,বৰঞ্চ কাৰ্বি আৰু ডিমাছা জাতি সদায়েই স্বাধীন জাতি হিচাপেই জনাজাত আছিল ৷ আনকি বৃটিছৰ দিনটো এই বৃহত্তৰ এলকাটোক বেক বাৰ্ড ট্ৰেক,এক্সক্লুডেড এৰিয়া,পাৰচিয়েলি এক্সক্লুডেড এৰিয়া আদি নামেৰে ভাগ কৰা হৈছিল ৷ গতিকে সেইবাবেই ইয়াত বসবাস কৰা লোকসকলক কোনো কাৰণতে অসমীয়া বুলি অভিহিত কৰিব নোৱাৰি "৷

অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত হলিৰাম তেৰাঙে কয় যে পূৰ্বে প্ৰাগজ্যোতিষপুৰ, কামৰূপআদি নামেৰে জনাজাত ভূ-খণ্ড যেতিয়াৰে পৰা অসম নামেৰে পৰিচিত হ'ল তেতিয়াৰ পৰা ইয়াত বসবাস কৰা সকলো লোকেই হল অসমীয়া ৷ ইফালে,সাংবাদমেলত বিধানসভা নিৰ্বাচনৰ লগতে স্থানীয় নিৰ্বাচন সমূহতো অসমীয়াৰ লগতে পাৰ্বত্য জনজাতিৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাই দলটোৱে ৷ আনহাতে,অ-খিলঞ্জীয়া লোকসকলে লাভ কৰিবলগীয়া ৰাজনৈতিক অধিকাৰ সন্দৰ্ভতো দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰি কয় অ-খিলঞ্জীয়া লোকক কোনো কাৰণতে ভোটদানৰ অধিকাৰ প্ৰদান কৰিব নালাগে ৷

আৰু পঢ়ক: বিশ্ববিদ্যালয় অনুদান আয়োগৰ 12B status বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ

ABOUT THE AUTHOR

...view details